NORTHEAST NOW (Assamese)
অসম

মিজোৰামেৰে সংঘাত; বনাঞ্চলত ‘বেদখল’ক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব অসম চৰকাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 27, 2021 6:33 pm
Screenshot_20210727-143747-1-750x375

বনাঞ্চলৰ ভূমি ‘বেদখল’ক লৈ অসম চৰকাৰে উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত লৈছে।

অসম-মিজোৰাম সীমান্তত সংঘটিত হোৱা ৰক্তাক্ত সংঘৰ্ষৰ মাত্ৰ এদিন পাছতে এই সিদ্ধান্ত লোৱা হৈছে।

অসম চৰকাৰে আন্ত:ৰাজ্যিক সংৰক্ষিত বনাঞ্চল বেদখলৰ পৰা সুৰক্ষা বিচাৰি উচ্চতম ন্যায়ালয়লৈ যাব।

মঙলবাৰে শিলচৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বনাঞ্চল চাফা কৰি পথ নিৰ্মাণ কৰা আৰু ঝুম খেতি কৰা ছেটেলাইট ইমেজত দেখা গৈছে।

‘’অসম চৰকাৰে বনাঞ্চলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে উচ্চতম ন্যায়ালয়লৈ যাব,’’ শিলচৰত সংবাদ মাধ্যমৰ আগত বক্তৱ্য ৰখাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।

তেওঁ লগতে কয় যে অসম আৰু মিজোৰামৰ বিবাদ ভূমিক লৈ নহয়, কিন্তু সংৰক্ষিত বনাঞ্চলৰ বেদখলকলৈহে।

উল্লেখ্য যে সোমবাৰে মিজোৰাম আৰক্ষীৰ গুলীত অসম আৰক্ষীৰ কমেও ৫গৰাকী লোক আৰু এগৰাকী সাধাৰণ নাগৰিক নিহত হৈছিল।