NORTHEAST NOW (Assamese)
অসম

কথা মতেই কাম বিধায়ক অখিল গগৈৰ; ন ৰূপত জিলিকি উঠিল শিৱসাগৰ অসামৰিক চিকিৎসালয়

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ July 27, 2021 6:58 pm
Akhil Gogoi

দ্বিতীয়বাৰৰ বাবে আজি নিজ সমষ্টিত উপস্থিত হৈ পোনে পোনে গৈছিল শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ।

কাৰণ যোৱা ২ জুলাইত প্ৰথমবাৰৰ বাবে শিৱসাগৰত উপস্থিত হৈ এই চিকিৎসালয়খন পৰিদৰ্শন কৰোতে বহুত লেতেৰা অৱস্থাত আছিল।

তেতিয়াই অখিল গগৈয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ সৌৰভ গগৈক নিৰ্দেশ দিছিল অনাগত ১৫ দিনৰ ভিতৰত চিকিৎসালয়খন চাফ চিকুন কৰি জিলিকাই তুলিব লাগিব।

কথা মতেই কাম। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সৌৰভ গগৈৰ নেতৃত্বত আন আন কৰ্মচাৰী সকলে এই ১৫ দিনত দিনে নিশাই কাম কৰি নতুন ৰূপ দিবলৈ সক্ষম হ’ল শিৱসাগৰ অসামৰিক চিকিৎসালয়ক।

চিকিৎসালয়খনত ২৪ ঘন্টা পানী যোগান ব্যৱস্থা, ৰোগী থকা ৱাৰ্ড আৰু পেয়িং কেবিনসমুহ মেৰামতি কৰাৰ লগতে ৰং কৰি আটকধুনীয়া কৰি তোলে।

ইয়াৰোপৰি পূৰ্বে লেতেৰা অৱস্থাত থকা লেট্ৰিন বাৰ্থৰুমসমুহ চফা কৰি তোলে চিকিৎসালয় কৰ্তৃপক্ষই।

বিধায়ক গৰাকীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ন ৰূপ দেখি সন্তুষ্টি লাভ কৰাৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষ তথা প্ৰতিজন কৰ্মচাৰী, চফাই কৰ্মচাৰী, নাৰ্চ আদিকে ধৰি সকলো কৰ্মচাৰীক একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনায়।