NORTHEAST NOW (Assamese)
অসম

টকিঅ’ অলিম্পিকত পদক বিজেতা মীৰাবাঈ চানু মণিপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক; সাজু কাৰ্যালয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 27, 2021 5:48 pm
Mirabai Chanu

ছেইখম মীৰাবাঈ চানু এতিয়া অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰীড়া)। মণিপুৰত তেওঁক আদৰবিলৈ সাজু হৈ উঠিছে তেওঁৰ নতুন কাৰ্যালয়টো।

বৰ্তমান মীৰাবাঈ চানু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিশেষ কৰ্তব্যৰত বিষয়া (ক্ৰীড়া) হিচাপে কৰ্মৰত হৈ আছে।

উল্লেখ্য যে টকিঅ’ অলিম্পিকত ভাৰতৰ অনত্যম পদক বিজয়ীৰ সম্ভৱনাৰ তালিকাত থকা মীৰাবাঈ চানুৱে ভাৰওোলনত দেশৰ বাবে  প্ৰথমটো পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

দেশবাসীৰ প্ৰত্যাশা পূৰণ কৰি চানুৱে ভাৰতৰ বাবে টকিঅ’ অলিম্পিকত প্ৰথমটো পদক দখল কৰে।

মহিলাৰ ভাৰোত্তলনৰ ৪৯কেজি শাখাত ৰূপৰ পদক জয় কৰে মীৰাবাঈ চানুৱে।

অলিম্পিকত দেশলৈ প্ৰথমটো মেডেল কঢ়িয়াই অনা মীৰাবাই চানুলৈ ১ কোটি টকাৰ পুৰস্কাৰ আগবঢ়োৱাৰ কথাও ঘোষণা কৰিছে মণিপুৰ চৰকাৰে।

ইতিমধ্যে দেশলৈ উভতি অহা মীৰাবাঈ চানুৱে মণিপুৰত উপস্থিত হোৱাৰ পাছতে ৰাজ্যখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।