NORTHEAST NOW (Assamese)
অসম

এই দেশখনত প্ৰস্তুত কৰা ভেকচিনে কাম কৰা নাই ভালদৰে,স্বীকাৰ কৰিলে কোনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 12, 2021 10:08 am
a coooo

দেশত প্ৰস্তুত কৰা ভেকচিনে ক’ৰ’ণা প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ কাম কৰা নাই।

অৱশ্যে এয়া ভাৰতৰ ক্ষেত্ৰত ঘটা নাই।

ক’ৰ’ণা ভাইৰাছৰ প্ৰথম উৎপত্তি ঘটা দেশ চীনত দেশ খনে ঘৰুৱা ভাবে প্ৰস্তুত কৰা ভেকচিনে বিশেষ কাম নকৰাৰ কথা স্বীকাৰ কৰিছে চীনৰ চৰকাৰী প্ৰতিনিধিয়েই।

চীনৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰোলৰ সঞ্চালক গাও ফুৱে শেহতীয়াকৈ স্বাস্থ্য বিভাগৰ এখন সন্মিলনত চীনৰ কোভিড ভেকচিনে ক’ৰ’ণা প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ ভাল ফল দেখুৱাব নোৱাৰাৰ কথা অকপটে স্বীকাৰ কৰিছে।

চীনৰ দক্ষিণ-পশ্চিম অংশত অৱস্থিত চহৰ চেংদুত অনুষ্ঠিত উক্ত সন্মিলনত অংশগ্ৰহণ কৰি গাও ফুৱে কয় যে ক’ৰ’ণা প্ৰতিৰোধৰ ক্ষেত্ৰত চীনে প্ৰস্তুত কৰা ভেকচিন চিনোভেকে বিশেষ কাম কৰা নাই।

এই ভেকচিন গ্ৰহণৰ পিছতো বহু লোক পুনৰ ক’ৰ’ণাত আক্ৰান্ত হৈছে। সেইবাবেই চীনে বিকল্প পথৰ সন্ধান কৰা বুলি তেওঁ মন্তব্য কৰে।

শেহতীয়া এক সমীক্ষাৰ পৰা এই কথা জনা গৈছে যে চীনে নিজা উদ্যোগত প্ৰস্তুত কৰা চিনোভেক ভেকচিন ক’ৰ’ণা প্ৰতিৰোধৰ ক্ষেত্ৰত ৫৪.০৪ শতাংশ কাৰ্যকৰী।

আনহাতে ফাইজাৰৰ ভেকচিন ৯৭ শতাংশ কাৰ্যকৰী বুলি সমীক্ষাৰ পৰা জনা গৈছে। ইপিনে ভাৰতে দেশীয় ভাবে প্ৰস্তুত কৰা কোভিডৰ ভেকচিন বিধ যথেষ্ট কাৰ্যকৰী বুলি প্ৰমাণিত হৈছে।