NORTHEAST NOW (Assamese)
অসম

পেঙেৰীত হাতী-মানুহৰ সংঘাত! বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজন লোকৰ

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ April 12, 2021 9:46 am
Elephant attacks

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় অতিক্ৰম কৰি থকাৰ সময়তে মাৰ্ঘেৰিটা মহকুমাৰ তৰাণি বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এজাক বন্যহস্তীৰ আক্ৰমণত পেঙেৰী থানাৰ অন্তৰ্গত ১ নং ডিব্ৰুজানৰ যোচেফ খাৰিয়া (৫৫) নামৰ ব্যক্তিজনে প্ৰাণ হেৰুৱাব লগা হয়।

প্ৰাপ্ত খবৰ মতে পুপুলাজানৰ পৰা নিজা ঘৰ অভিমুখে আহি থাকোতে হঠাৎ বন্যহস্তীৰ জাকটোৰ মুখামুখি হয়  আৰু বৃদ্ধজনে প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰোতেই হাতীৰ জাকটোৰ এটাই টানি বনাঞ্চলৰ দিশে লৈ গৈ  আক্ৰমণ চলায়। আক্ৰমণত বৃদ্ধজন থিতাতে নিহত হয়।

ইয়াৰ পূৰ্বেও খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ আক্ৰমণত  বহু লোকে  প্ৰাণ হেৰুৱাব লগা হৈছিল।

বৰ্তমান বন বিভাগ আৰু আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহ উদ্ধাৰ কৰি পেঙেৰী আৰক্ষীয়ে  মৰণোত্তৰ  পৰীক্ষাৰ  ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখ্য যে, একেটা হাতীয়েই নিশা পেঙেৰী থানাৰ অন্তৰ্গত তৰানী বনাঞ্চলৰ পৰা ওলাই আহি দুৱাৰমাৰা নিবাসী সোনাৰাম গড় আৰু ইলিনা গড়ৰ ঘৰ ভাঙি তহিলং কৰে। পপোলাজানৰ নিবাসী আকাশ ওৰাঙৰ ঘৰটো ভাঙি তহিলং কৰে। অৱশ্যে কোনোমতে তেওঁ লোকৰ প্ৰাণ ৰক্ষা পৰে।

এই অকলশৰিয়া হাতীটোৱে যোৱা কালি কুজুপথাৰ, কৰিয়াজান, কঠালগুৰি, বোকাপথাৰ আদি গাঁওকেইখনত দিনৰ ভাগতো তাণ্ডব চলায়। তাৰ পিছত নিশা ১.৩০ বজাত দুৱাৰমৰা,পপোলাজানত ঘৰ দুৱাৰ ভাঙি তহিলং কৰে।