NORTHEAST NOW (Assamese)
অসম

নুনমাটি-দীঘলীপুখুৰী উৰণীয়া সেঁতুৰ সম্প্ৰসাৰণ : অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চ ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2025 10:23 pm

নুনমাটি-দীঘলীপুখুৰীৰ উৰণীয়া সেঁতু নিৰ্মাণ সন্দৰ্ভত আদালতৰ নিৰ্দেশ উলংঘা কৰিছে অসম চৰকাৰে। এই সম্পৰ্কত অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে উচ্চ ন্যায়ালয়ে।

সাংবাদিক মহেশ ডেকা আৰু আন দুজন ব্যক্তিয়ে দাখিল কৰা হস্তক্ষেপ আবেদনশুনানি গ্ৰহণ কৰি বুধবাৰে মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠে অসম চৰকাৰক ২৮ অক্টোবৰভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে।


আবেদনকাৰীৰ অভিযোগ যে লোক নিৰ্মাণ বিভাগে ন্যায়ালয়ত দিয়া শপতনামাত উৰণীয়া সেঁতুখন জিলা পুথি ভঁৰালৰ ওচৰতে সমাপ্ত কৰিব বুলি কৈছিল যদিও এতিয়া সেই প্ৰতিশ্ৰুতি ভংগ কৰিছে। চৰকাৰে ঐতিহাসিক দীঘলীপুখুৰী পুখুৰী আৰু অঞ্চলটোৰ গছ-গছনি আৰু নান্দনিক সৌন্দৰ্য্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নিৰ্মাণৰ কাম আৰম্ভ কৰিছে।

মহেশ ডেকা, চন্দন বৰগোহাঁই আৰু জয়ন্ত গগৈয়ে যোৱা বছৰ এই উৰণীয়া সেঁতুৰ সম্প্ৰসাৰণৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত  দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ পিছত চৰকাৰে উৰণীয়া সেঁতুখন জিলা পুথি ভৰাঁলতে শেষ কৰি অতিৰিক্ত গছ কটা নহব বুলি ন্যায়ালয়ত আশ্বাস দিছিল।

সচেতন নাগৰিকৰ ব্যাপক প্ৰতিবাদ আৰু উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পিছত চৰকাৰে ২০২৪ চনৰ ৫ নৱেম্বৰত আদালতত দাখিল কৰা শপতনামাত উৰণীয়া সেঁতুখন দীঘলীপুখুৰীলৈকে সম্প্ৰসাৰণ কৰা নহয় বুলি আশ্বাস দিছিল।

শপতনামাত দিয়া মূল প্ৰতিশ্ৰুতি আছিল যে সংশোধিত নক্সাই নিশ্চিত কৰিব যে উৰণীয়া সেঁতুখন লেম্ব ৰোড পইণ্টত শেষ হ’ব আৰু এজোপা গছকো ক্ষতি নকৰিব। এই প্ৰতিশ্ৰুতিৰ পিছত ২০২৪ চনৰ ১৩ নৱেম্বৰত ন্যায়ালয়ে গোচৰটো নিস্পত্তি কৰিছিল।

এতিয়া এই প্ৰতিশ্ৰুতি বংগ কৰা বুলি হস্তক্ষেপ গোচৰ দিছে মহেশ ডেকা, চন্দন বৰগোহাঁই আৰু জয়ন্ত গগৈয়ে। আবেদনকাৰীসকলৰ মতে, সংশ্লিষ্ট কৰ্তৃপক্ষই ২০২৫ চনৰ ২৫ ছেপ্টেম্বৰৰ নিশাৰ পৰা দীঘলীপুখুৰীত উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে।

আবেদনকাৰীসকলে যুক্তি আগবঢ়ায় যে এই নতুন কাৰ্য্যকলাপে কেৱল আদালতৰ নিৰ্দেশ উলংঘা কৰাই নহয়, ইয়াৰ ফলত ঐতিহাসিক অঞ্চলটোৰ নান্দনিক সৌন্দৰ্য্যত বিৰূপ প্ৰভাৱ পেলাব।

আবেদনখনত উচ্চতম ন্যায়ালয়ৰ এক পৰ্যবেক্ষণৰ উল্লেখ কৰা হৈছে২১ নং অনুচ্ছেদৰ অধীনত সুস্থ পৰিৱেশত জীয়াই থকাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। চৰকাৰৰ এই কাৰ্য্যই জনসাধাৰণৰ সাংবিধানিক অধিকাৰ উলংঘা কৰা বুলি যুক্তি আগবঢ়াইছে।শুনানিৰ সময়ত আবেদনকাৰীসকলৰ হৈ জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰী আৰু অধিবক্তা বিক্ৰম ৰাজখোৱা উপস্থিত থাকে।