NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত টাৱাৰ স্থাপনৰ নামত ধন সংগ্ৰহ কৰিবলৈ অহা প্ৰৱঞ্চকক আটক

Posted by: ইয়াছিন আলী March 5, 2018 11:15 am
টাৱাৰ

টাৱাৰ স্থাপনৰ নামত ধন সংগ্ৰহ কৰিবলৈ অহা কলকতাৰ এটা প্ৰৱঞ্চকক দেওবাৰে বঙাইগাঁও জিলাৰ ভাণ্ডাৰাত ৰাইজে আটক কৰি আৰক্ষীক গটাই দিয়ে।

প্ৰাপ্ত তথ্য মতে কলকাতাৰ নিলো চলিহা নামৰ এজন যুৱকে ফোন যোগে বঙাইগাঁও জিলাৰ ভাণ্ডাৰাৰ আব্দুল ওহাৱক টাৱাৰ স্থাপনৰ বাবে পৰ্যাপ্ত মাটি আছে নেকি বুলি সোধ পোছ কৰাৰ লগতে তেওঁৰ মাটিত টাৱাৰ স্থাপন কৰাৰ বিনিময়ত তেওঁক ২০ লাখ টকা দিয়া হ’ব বুলিও কয়।

ইফালে প্ৰৱঞ্চক চলিহাই আব্দুলক টাৱাৰ স্থাপনৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰৰ লগতে ১৭ হাজাৰ টকাৰ অগ্ৰিম ধন দিব লাগিব বুলি কয়।

সেই উপলক্ষে প্ৰৱঞ্চক চলিহা নথি-পত্ৰ পূৰণৰ উদ্দেশ্যে আহি বঙাইগাঁও জিলাৰ ভাণ্ডাৰাত উপস্থিত হয়হি।

আনহাতে স্থানীয় ৰাইজৰ চলিহাৰ ওপৰত সন্দেহ ওপজাত বিভিন্ন ধৰণৰ প্ৰশ্ন কৰাত চলিহাই সঠিকভাৱে উত্তৰ দিব নোৱাৰাত স্থানীয় ৰাইজে চলিহা যে এটা প্ৰৱঞ্চক সেই সম্পৰ্কত নিশ্চিত হয়। ফলত স্থানীয় ৰাইজে প্ৰৱঞ্চক চলিহাক উত্তম-মধ্যম শোধাই আৰক্ষীক চমজাই দিয়ে।

উল্লেখযোগ্য যে প্ৰৱঞ্চক চলিহাই টাৱাৰ স্থাপনৰ বাবদ আন দুজন ব্যক্তিৰ পৰাও ১৭ হাজাৰকৈ টকাৰ দুখন চেক লৈছে যদিও উক্ত লোক দুজনৰ মাটিত বৰ্তমানলৈকে কোনো ধৰণৰ টাৱাৰ বহুৱা হোৱা নাই।

ইতিমধ্যে আব্দুল ওহাৱ নামৰ ব্যাক্তিজনে প্ৰৱঞ্চক নিলো চলিহাৰ বিৰুদ্ধে স্থানীয় আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।