NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত বিশাল গণ সমাৱেশ : ৯ জুলাইত অসম বন্ধৰ আহ্বান জনাই ধাৰাবাহিক আন্দোলনৰ ঘোষণা আক্ৰাছুৰ

Posted by: এন ই নাও নিউজ June 29, 2018 7:56 am
Akrasu gana samabhekh at Bongaigaon on 28-06-18.pix by ub photos

পুনৰ পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু কোঁচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত বৃহস্পতিবাৰে উত্তাল হৈ পৰে বঙাইগাঁও চহৰ। সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা, কোঁচ-ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ উদ্যোগত বঙাইগাঁৱত এক বৃহৎ গণ সমাৱেশ অনুষ্ঠিত হয়।

সমাৱেশত হাজাৰ হাজাৰ কোঁচ-ৰাজবংশী ৰাইজৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ তথা পশ্চিমবংগৰ পৰা অহা কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে।

বঙাইগাঁও চহৰৰ গান্ধী ময়দানত অনুষ্ঠিত সমাৱেশত কৃষক নেতা অখিল গগৈ, কোঁচ-ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড০ দ্বিজেন্দ্ৰ নাৰায়ণ ভকত, আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ, আক্ৰাছুৰ প্ৰাক্তন নেতা ক্ৰমে বিশ্বজিৎ ৰায়, প্ৰদীপ ৰায়, হিতেশ্বৰ বৰ্মনকে ধৰি কেইবাজনো নেতাই অংশগ্ৰহণ কৰে।

সমাৱেশত ভাষণ দি কৃষক নেতা অখিল গগৈয়ে কোঁচ-ৰাজবংশী জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণৰ দাবী উত্থাপন কৰি কয় যে অসমৰ কোঁচ-ৰাজবংশীসকলৰ জনজাতিকৰণ কেৱল এটা জনগোষ্ঠীৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, সেয়া সমগ্ৰ ৰাজ্যখনৰ বাবে গুৰুত্বপূৰ্ণ হ’ব। কিয়নো জনগোষ্ঠী এটাক সংৰক্ষিত কৰিলে অসমৰ ভূমি অসমৰ বাবে সংৰক্ষিত হ’ব বুলি তেওঁ ব্যক্ত কৰে।

তদুপৰি ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ , ভাষাৰ অধিকাৰ আদি অসমৰ হাতত থাকিলে কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ লগতে অসমৰ আন পাঁচটা জনগোষ্ঠীকো জনজাতিকৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলিও কৃষক নেতা অখিল গগৈয়ে মন্তব্য কৰে।

কৃষক নেতাগৰাকীয়ে কয় যে বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লপথ বন্ধ কৰি অচল কৰি দিলেহে মুখ্যমন্ত্ৰীৰ হুচ আহিব। জনজাতিকৰণত মুখ্যমন্ত্ৰীয়েই বাধা দি থকাৰো তেওঁ অভিযোগ কৰে। অখিল গগৈয়ে হাজাৰ হাজাৰ কোঁচ-ৰাজবংশী জনতাক প্ৰতিজ্ঞাবদ্ধ কৰাই সকলোকে ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনায়।

বৃহস্পতিবাৰৰ সভাত কোঁচ-ৰাজবংশীৰ সকলো জাতীয় সংগঠনৰ নেতা উপস্থিত থাকে। তদুপৰি  আছা, আমছুৰ নেতাসকলেও কোঁচ-ৰাজবংশীক জনজাতিকৰণৰ দাবী কৰে। গণ সমাৱেশৰ অন্তত আক্ৰাছুৱে অহা ৯ জুলাইত ২৪ ঘণ্টীয়া  অসম বন্ধ, ১৭ জুলাইত ৰাজভৱনত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ লগতে আগষ্ট মাহত দিল্লীৰ ৰামলীলা ময়দানত ধৰ্মঘট আৰু ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথ অৱৰোধ কাৰ্যসূচীৰ কথা ঘোষণা কৰে।