NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱৰ গৰাইমাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত দুজন

Posted by: ইয়াচিন আলী April 13, 2018 10:09 pm
Accident

আজি ১৩ এপ্ৰিলৰ দুপৰীয়া বঙাইগাওঁ জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত গৰাইমাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা| দুৰ্ঘটনাটোত ছামাদ আলী (৬০ বছৰীয়া) আৰু জেল হক (১০ বছৰীয়া) থিতাতে নিহত হোৱাৰ লগতে আন ৭ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে।

ঘটনাৰ বিৱৰণি মতে AS 19C 6026 নম্বৰৰ টেম্পোখনে পথত ৰৈ থকা GJ 27Y 4495 নম্বৰৰ ট্ৰেইলাৰখনৰ পিছফালে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত নিহতকেইজনকে ধৰি টেম্পোখনত থকা ১২ গৰাকী লোকেই আঘাত পায়।

জানিব পৰা মতে টেম্পোখন বঙাইগাওঁ জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত ভাণ্ডাৰাৰ পৰা বঙাইগাওঁ চহৰলৈ গৈ আছিল।