NORTHEAST NOW (Assamese)
অসম

শিশু ধৰ্ষণত অভিযুক্ত উত্তৰ প্ৰদেশৰ বিজেপি বিধায়ক কুলদ্বীপ সিং ছেংগাৰক কঠোৰতম শাস্তি প্ৰদানৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ

Posted by: কল্পজ্যোতি শইকীয়া April 13, 2018 10:12 pm
APCC_Kuldeep_Shing

উত্তৰ প্ৰদেশৰ বিজেপি বিধায়ক কুলদ্বীপ সিং ছেংগাৰৰ বিৰুদ্ধে এগৰাকী ৮ বছৰীয়া ছোৱালীক ধৰ্ষণ কৰাৰ অভিযোগ উঠাৰ পিছতো তেওঁক গ্ৰেপ্তাৰ নকৰাক লৈ আজি প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

মহানগৰীস্থিত ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদকাৰীসকলে হাতে হাতে মমবাতি লৈ প্ৰায় আধাঘণ্টা ধৰি থিয় হৈ থাকে। প্ৰতিবাদকাৰীসকলে যোগী আদিত্য নাথ চৰকাৰখন শাসনলৈ অহাৰ পিছৰ পৰা উত্তৰ প্ৰদেশৰ শান্তিত ব্যাঘাত হোৱা বুলি কোৱাৰ লগতে হত্যা-ধৰ্ষণ ইত্যাদি অপকৰ্ম বৃদ্ধি পোৱা বুলিও এক গুৰুতৰ অভিযোগ তোলে প্ৰদেশ কংগ্ৰেছে।

মমবাতি প্ৰজলন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে কয় যে গোটেই ভাৰতবৰ্ষজুৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ থকাৰ পিছতো ৮ বছৰীয়া এটি শিশুক প্ৰথমতে অপহৰণ কৰি তাৰ পিছত দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ পিছতো অভিযুক্তক ছত্ৰছায়া দিয়াহে আমি দেখিবলৈ পাইছো।

এই বিষয়টোক লৈ জম্মু-কাশ্মীৰত বিজেপি সাংসদ-বিধায়কসকলে হাতে-হাতে ত্ৰিৰংগা পতাকা লৈ ৰাজনীতি কৰিব বিচাৰিছে। ত্ৰিৰংগা পতাকাখন ধৰ্ষণকাৰী নেতা-পালিনেতাৰ সমৰ্থনত ব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় পতাকাখনৰ মৰ্য্যাদা ধূলিসাৎ কৰিছে। সেয়েহে আমি তেওঁলোকক ধিক্কাৰ প্ৰদান কৰিছো।‘

‘নগাওঁ জিলাৰ ধিঙত সংঘটিত হোৱা ধৰ্ষণকাণ্ড তথা অন্যান্য প্ৰান্তত সংঘটিত হোৱা ধৰ্ষণকাণ্ডৰ সৈতে এটা বিশেষ সম্প্ৰদায়ৰ লোকসকল জড়িত থকা বুলি বিজেপিৰ নেতা-পালিনেতাসকলে কৈছিল। ধৰ্ষণকাৰী অথবা অপৰাধীসকলৰ কোনো ধৰ্ম থাকিব নোৱাৰে। গতিকে বিজেপি চৰকাৰে উনাৰ কণমানি শিশুটিৰ ধৰ্ষণকাণ্ডৰ সৈতে জড়িত বিধায়কক পোনপটীয়াভাৱে গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে নিয়া, চি বি আই তদন্ত দাবী কৰি প্ৰকৃত দোষীক ছত্ৰছায়াহে প্ৰদান কৰিছে।‘ বিজেপি চৰকাৰে ধৰ্ষণকাৰীক সমৰ্থন দিয়াৰ অভিযোগ তুলি বড়োৱে এনেদৰে কয়।

অন্যহাতে এই প্ৰতিবাদী কাৰ্য্যসূচীত যোগদান কৰা কংগ্ৰেছৰ নেত্ৰী ববিতা শৰ্মাই বিজেপি চৰকাৰক প্ৰশ্ন  কৰি কয় ‘বিজেপি দলৰ যিসকল নেত্ৰী আছে তেওঁলোক নিশ্চুপ কিয়? যি নৰেন্দ্ৰ মোদীয়ে ক’ৰবাত এটা ঘটনা হ’লেই টুইট কৰে তেওঁৰ এতিয়া এষাৰো মাত নাই কিয়? নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি লোৱাৰ পিছতো নাৰীসকলৰ সুৰক্ষা কিয় নোহোৱা হৈছে মই তাৰ উত্তৰ বিচাৰিছো।‘

ৰাজ্যৰ জিলা সদৰসমূহত জিলা কংগ্ৰেছে আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছে। মহানগৰ জিলা কংগ্ৰেছ কমিটী, মহিলা কংগ্ৰেছেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ গৃহ মুখ্য সচিব অৰবিন্দ কুমাৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান অ’ পি সিঙে আজি এখন সংবাদমেল সম্বোধন কৰি ধৰ্ষিতা আৰু পিতৃক হত্যাৰ গোচৰ ইতিমধ্যে চি বি আইৰ তদন্তৰ বাবে পঠোৱা হৈছে বুলি জানিবলৈ দিয়ে। যদি বিধায়ক কুলদ্বীপ সিং ছেংগাৰৰ বিৰুদ্ধে উপযুক্ত তথ্য-প্ৰমাণ পোৱা যায় তেন্তে নিশ্চয়কৈ গ্ৰেপ্তাৰ কৰা হ’ব বুলি সদৰী কৰে।