NORTHEAST NOW (Assamese)

বজালী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ৰাজপথত বাছ সেৱাৰ বিৰুদ্ধে প্ৰতিবাদ

February 22, 2018 8:41 pm · এন ই নাও নিউজ

বজালী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বৃহস্পতিবাৰে বজালীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ সেৱাৰ বিৰুদ্ধে অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰাপ্ত তথ্য মতে বাছ সেৱাৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল বঞ্চিত হোৱা আৰু বাছ কনডাক্তৰৰ দ্বাৰা ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰাৰ প্ৰতিবাদত উক্ত অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

বজালী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাকেশ চৌধুৰীয়ে কয় যে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল বাছ সেৱাৰ পৰা বঞ্চিত হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱাৰ লগতে তেওঁলোক মহাবিদ্যালয়ত সময়মতে উপস্থিত হ’ব নোৱাৰে।

তাৰোপৰি সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে বাছৰ চালক আৰু কনডাক্তৰে ছাত্ৰ-ছাত্ৰী সকলৰ পৰা অধিক হাৰত গাড়ীৰ ভাড়া বিচৰে ফলত যিটো দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে বহন কৰিবলৈ অসমৰ্থ।

আনহাতে ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত পাঁচখন বাছক চিনাক্ত কৰি বাছৰ চালক কনডাক্তৰক পাঠশালা আৰক্ষী চকীত চমজাই দিয়ে।

Related News