NORTHEAST NOW (Assamese)
অসম

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ

Posted by: মিন্টূ দাস May 18, 2018 10:54 am
batadraba

অসমৰ জাতীয় জীবনক অন্ধকাৰৰ গহ্বৰত ৰাখি হিন্দু বাংলাদেশীক সংস্থাপিত কৰিব বিচৰা বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতাৰে অসম চৰকাৰৰ ওচৰত স্মাৰক পত্ৰ প্ৰদানৰ এক প্ৰস্তাৱ গৃহীত হয় বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সভাত।

শ্ৰীশ্ৰী বটদ্ৰবা থান পৰিচালনা সমিতিৰ ত্ৰি-বাৰ্ষিক সাধাৰণ সভাত সৰ্ব সন্মতিক্ৰমে এই প্ৰস্তাৱ গৃহীত হোৱা বুলি শ্ৰী শ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীয়ে এক বিবৃতি যোগে জানিবলৈ দিছে।

নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীৰ পৌৰহিত্যত অনুষ্ঠিত সাধাৰণ সভাত অসমৰ বিভিন্ন প্ৰান্তৰ আজীৱন তথা সত্ৰীয়া আৰু সাধাৰণ সদস্যসকলৰ উপস্থিতিত নাগৰিকত্ব  সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি স্মাৰক পত্ৰ প্ৰদানৰ সৰ্ব সন্মত সিদ্ধান্তত উপনীত হোৱাৰ কথা নবনিৰ্বাচিত সভাপতি গোস্বামীয়ে সংবাদ মাধ্যমক জানিব দিয়ে।

অসমৰ বিভিন্ন জাতীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ হৈ থকাৰ সময়তে ঐতিহ্যমণ্ডিত বটদ্ৰবা থানৰ পৰিচালনা সমিতিয়েও বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰি গ্ৰহণ কৰা এই প্ৰস্তাৱক বিভিন্নজনে আদৰণি জনাইছে।