NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত আৰম্ভ আন্তঃজিলা দ্বিতীয় ৰেংকিং বেডমিণ্টন

Posted by: এন ই নাও নিউজ May 18, 2018 11:03 am
badminton

বৃহস্পতিবাৰৰ পৰা ডিব্ৰুগড়ত আৰম্ভ হৈছে সদৌ অসম আন্তঃজিলা দ্বিতীয় ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা। অসম বেডমিণ্টন সন্থাৰ তত্ত্বাৱধানত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত বেডমিণ্টন প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে।

ল’ৰা শাখাৰ খেলসমূহ জিলা ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামত হোৱাৰ বিপৰীতে ছোৱালী শাখাৰ খেলসমূহ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভীমবৰ দেউৰী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে।

উল্লেখ্য যে এইবাৰৰ প্ৰতিযোগিতাত ১৭খন স্বীকৃতিপ্ৰাপ্ত জিলা বঙাইগাঁও, কাছাৰ, শিলচৰ, চৰাইদেউ, দৰং, ডিগবৈ, গোলাঘাট, গুৱাহাটী, যোৰহাট, শিৱসাগৰ,  লখিমপুৰ, কোকৰাঝাৰ, তিনিচুকীয়া, নগাঁও, নাজিৰা, তেজপুৰ আৰু ডিব্ৰুগড়ৰ প্ৰায় ৪৫১ গৰাকী শ্বাটলাৰে অংশগ্ৰহণ কৰিছে।

চাৰিদিন ধৰি চলিবলগীয়া প্ৰতিযোগিতাখন কালি সন্ধিয়া আনুষ্ঠানিকভাৱে মুকলি কৰে জিলাৰ উপায়ুক্ত লয়া মাদ্দুৰীয়ে। প্ৰতিযোগিতাৰ আৰম্ভণি দিনা ল’ৰা আৰু ছোৱালীৰ ১১ আৰু ১৩ বছৰ অনুৰ্ধৰ দ্বিতীয় ৰাউণ্ডৰ খেলসমূহ অন্ত পৰাৰ বিপৰীতে ১৭ বছৰ অনুৰ্ধ শাখাত ল’ৰাৰ দ্বিতীয় ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হৈছে।

জানিব পৰা অনুসৰি আজি পুৱা ৯ বজাৰপৰাই প্ৰতিযোগিতাৰ অন্যান্য গ্ৰুপৰ খেলসমূহ আৰম্ভ হৈছে।