NORTHEAST NOW (Assamese)

বনাঞ্চলিক বিষয়াই জব্দ কৰিলে অবৈধভাৱে নদীৰ বালি-মাটি কাটি নি থকা দুখন ট্ৰেক্টৰ

January 10, 2018 7:48 am · এন ই নাও নিউজ

বন বিভাগে কটকটীয়া সতৰ্কতা ৰক্ষা কৰা বুলি দাবী কৰি থাকিলে ৰাজ্যৰ বিভিন্ন ঠাইত গোপনে তথা অনুমতিবিহীনভাৱে মাটি কটা, বালি সংগ্ৰহ, কাঠ কটা তথা সৰবৰাহ চলিয়ে থাকে। এইদৰে চলি আহিছে পূৰ্বৰ চৰকাৰৰ দিনৰ পৰাই। গতিকে মাটি কটাৰ বাবে বা নদীৰ পৰা বালি-পলস সংগ্ৰহৰ বাবে বন বিভাগৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন অনুভৱ নকৰে বহু ক্ষেত্ৰত। কিন্তু বন মন্ত্ৰী প্ৰমীলা ৰাণীৰ নেতৃত্বত বন বিভাগে সম্পূৰ্ণকৈ নহ’লেও পূৰ্বৰ এনে উদঙীয়া পৰিস্থিতি ভালেখিনি সলনি কৰিবলৈ সক্ষম হৈছে। বহু ঠাইত অবৈধভাৱে কাঠ সৰবৰাহ, মাটি কটা, বালি কঢ়িওৱা, নদীৰ বুকু খান্দি পলস-মাটি নিয়া গাড়ী জব্দ কৰা হৈছে। কালিও আবেলিৰ ভাগত বন বিভাগে কামৰূপ জিলাৰ বেজেৰাৰ নিকটৱৰ্তী মালাৰা আৰু ইচলামপুৰৰ গাতে লাগি থকা বৰনদীৰ পাৰত নদীৰ মাটি অবৈধভাৱে কাটি থকা অৱস্থাত এখন নম্বৰবিহীন আৰু আন এখন এ এচ ১৩ চি ০৭৪৬ নম্বৰৰ মুঠ দুখন ট্ৰেক্টৰ জব্দ কৰে।

উক্ত অভিযানটো চলিছিল চিলা বনাঞ্চলিক বিষয়া ৰবীন বৈশ্যৰ নেতৃত্বত। বন বিভাগৰ দলটোৱে মাটি কাটি থকা তথা কঢ়িয়াই নি থকা দেখা পায় আৰু লগে লগে দুয়োখন ট্ৰেক্টৰকে জব্দ কৰে। অভিযাকাৰী দলটোৱে ট্ৰেক্টৰ দুখন আমিনগাৱঁৰ চিলা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যলয়লৈ আনি বনবিভাগৰ জিম্মাত ৰাখিছে বুলি জানিব পৰা গৈছে।

Related News