NORTHEAST NOW (Assamese)

বন্ধুত্ব দিৱসত নগাঁৱত আমিনুৰ ৰহমানৰ একেলগে পঞ্চাশখন শিশু গ্ৰন্থ উন্মোচন কৰিলে সহপাঠীয়ে

August 6, 2018 12:36 pm · মিণ্টু দাস

বিশ্বজুৰি বন্ধুত্ব দিৱস উদযাপনৰ ধামখুমীয়াৰ মাজত দেওবাৰে নগাঁৱৰ একাংশ সহপাঠীয়ে অসমীয়া সাহিত্য জগতত এক ইতিহাস সৃষ্টি কৰি বিশিষ্ট লিখক আমিনুৰ ৰহমানে লিখা ৫০ খন শিশু গ্ৰন্থ উন্মোচন কৰে। নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত এই গ্ৰন্থকেইখন উন্মোচন কৰে নগাঁৱৰ সহপাঠী ৮৮’ৰ সদস্যবৃন্দ‌ই।

সীমান্ত বৰাই আঁত ধৰা উন্মোচনী অনুষ্ঠানত গ্ৰন্থকেইখন উন্মোচন কৰি দিয়া ভাষণত সহপাঠী-৮৮’ৰ অন্যতম সদস্য তথা অসম সৰ্বশিক্ষা অভিযান মিশ্যনৰ পৰিকল্পনা বিষয়া তুষাৰ দেৱ গোস্বামীয়ে কয় যে লিখক আমিনুৰ ৰহমানে ছদ্ম নামত লিখা ৫০খন গ্ৰন্থ উন্মোচন কৰা কাৰ্য এক বিৰল ঘটনা হিচাপে পৰিগণিত হৈছে। এনে গ্ৰন্থ‌ই শৈশৱৰ কথা মনত পেলাই দিছে, যিয়ে কল্পনাৰ পৃথিৱীখন জনাত সহায় কৰিব।

এই অনুষ্ঠানত উদ্যোক্তা সংগঠনৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই কয় যে শিশু গ্ৰন্থ‌ই শিশুসকলৰ মনত মানসিক আৰু শৈক্ষিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আজিৰ ডিজিটেল যুগত সাধুকথাৰ প্ৰাসংগিকতা হ্ৰাস পোৱা বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে প্ৰতিটো সাধুকথাত এটা ভাল বাৰ্তা থাকে যিয়ে শিশুৰ মানসিক বিকাশত সহায় কৰে। আজিৰ প্ৰজন্ম‌ৰ নীতি শিক্ষাৰ অভাৱত তেওঁলোকৰ চৰিত্ৰ বহু দিশত স্খলন হৈছে। সেয়ে শিশু গ্ৰন্থৰ গুৰুত্ব আছে বুলি উল্লেখ কৰি লিখক আমিনুৰ ৰহমানৰ প্ৰচেষ্টাৰ শলাগ লয়।

অনুষ্ঠানত নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকাই অংশ গ্ৰহণ কৰি কয় যে গ্ৰন্থ‌ৰ সুবাসে মানুহৰ মনক আনন্দ দিয়ে। ইয়ে মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে বুলিও তেওঁ উল্লেখ কৰে। এই অনুষ্ঠানত উদ্যোক্তা সংগঠনৰ সদস্য ক্ৰমে এ চি এচ বিষয়া চৰফ্ৰাজ হক, আক্ৰাম জামান, লিখক আমিনুৰ ৰহমান প্ৰমুখ্যে বহু কেইগৰাকী শুভাকাংক্ষী তথা পৰিয়ালৰ লোক উপস্থিত থাকে।

আনহাতে, আমিনুৰ ৰহমানে চিত্ৰভানু ছদ্ম নামেৰে লিখা এই পঞ্চাশখন শিশু গ্ৰন্থ কুবেৰ প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে।  উন্মোচন কৰা শিশু গ্ৰন্থ কেইখনৰ ভিতৰত অন্যতম হৈছে – ৰজাৰ ডিঙিত মাছৰ কাঁইট, অভিশপ্ত ৰাজকোঁৱৰ, শিয়াল পণ্ডিতৰ পৰিনতি, চাৰি সহোদৰ, সোনালী মাছ, মিছলীয়াৰ পৰিনতি, দৈত্য বধ, সিংহৰ বিলৈ, শিয়ালৰ বুদ্ধি, হিংসুক মন্ত্ৰীৰ পৰিনতি, উপযুক্ত শাস্তি, জীৱ-জন্তুৰ সাধু, ৰাক্ষসিণী আৰু বুধিয়ক ৰাজকোঁৱৰ, দুষ্ট গাধৰ পৰিণতি, ধনৰক্ষিনী নিগনি, এজনী জ্ঞানী হৰিণা, মধুমতি, সততা আৰু উদাৰতাৰ সুফল, উৰণীয়া বাকচ, বিপদৰ বন্ধুৱেই আছল বন্ধু, সদাগৰ আৰু দৈত্যৰ সাধু, শিৱৰ বৰ, এফুটীয়া যাদুকৰ, সাপৰূপী ৰাজকোঁৱৰ, মাছমৰীয়া আৰু সমুদ্ৰ দৈত্যৰ সাধু, ভেকুলী ৰাজকোঁৱৰীৰ সাধু, সিংহৰ বিলৈ, এজন দয়ালু মানুহ, মাছমৰীয়াৰ জীয়েকৰ সাধু, পৰোপকাৰী ৰাজা, মেকুৰীৰ ৰজা, যাদুকৰ আৰু ৰজাৰ যুজঁ, সাগৰীয় অপেশ্বৰীৰ সাধু, ভালুকৰূপী ৰাজকোঁৱৰ, দুই ককাই-ভায়েকৰ কাহিনী, এটা চোৰৰ কাহিনী, ভেবেলা যাদুকৰ, দানৰ মহত্ব।

উল্লেখ্য যে লিখক আমিনুৰ ৰহমানে অনুবাদ সাহিত্য, কবিতা পুথিকে ধৰি প্ৰায় সহস্ৰাধিক বিভিন্ন স্বাদৰ গ্ৰন্থ ইতিমধ্যে ৰচনা কৰি পঢ়ুৱৈ সমাজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

Related News