NORTHEAST NOW (Assamese)
অসম

বলীউদৰ মুক্তি পাবলগীয়া চলচ্চিত্ৰ ‘পেদমেনত’ অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰিছে অসমৰ উৰ্মিলা মহন্তই

Posted by: এন ই নাও নিউজ January 5, 2018 3:22 pm

প্ৰতিভাশালী অসমীয়া অভিনেত্ৰী উৰ্মিলা মহন্তই বলীউদৰ মুক্তি পাবলগীয়া চলচ্চিত্ৰ ‘পেদমেন’ত অক্ষয় কুমাৰ আৰু সোণম কাপুৰৰ সৈতে একেলগে অভিনয় কৰিছে। তেওঁক অক্ষয় কুমাৰৰ চৰিত্ৰটোক সহযোগিতা কৰা এটি গুৰুত্বপূৰ্ণ ভূমিকাত দেখা যাব যিয়ে গ্ৰাম্য ভাৰতত ঋতুস্ৰাৱ সম্পৰ্কীয় পৰিচ্ছনতাৰ বিষয়ে সজাগতা সৃষ্টিৰ কামত ব্ৰতী হৈ আছে।

পেদমেনত তামিলনাডুৰ সামাজিক কৰ্মী পদ্মশ্ৰী অৰুণাচলম মুৰুগন্থমৰ কাহিনী দাঙি ধৰা হৈছে। এই ব্যক্তিগৰাকীয়ে ভাৰতত কম খৰচী চেনিটেৰী নেপকিন উৎপাদনৰ জৰিয়তে বিপ্লৱৰ সৃষ্টি কৰিছিল।

উৰ্মিলা মহন্তই ইৰাণৰ চলচ্চিত্ৰ নিৰ্মাতা মজিদ মজিদি পৰিচালিত ‘বিয়ণ্ড দ্য ক্লাউদছ’তো অভিনয় কৰিছে। তদুপৰি সোণাক্ষী সিনহাৰ সৈতে ‘আকিৰা’ ছবিতো উৰ্মিলাই অভিনয় কৰিছে। আনহাতে, অসমীয়া চলচ্চিত্ৰ ‘কথানদী’ত কৰা অভিনয়ৰ জৰিয়তে উৰ্মিলাই ইতিমধ্যে অসমীয়া দৰ্শকৰ মাজত সুপৰিচিতি লাভ কৰিছে।

উৰ্মিলাই এতিয়া ভাৰতৰ ‘পেদ মেন’ গৰাকীৰ  জীৱনীমূলক কাহিনীভিত্তিক চলচ্চিত্ৰখনত অভিনয়ৰে অভিনয় জগতত আৰু এক কীৰ্তি ৰচিবলৈ আগবাঢ়িছে।