NORTHEAST NOW (Assamese)
Popular Stories

খং এতিয়াও উঠি আছে, ধুলাই দিলে সকলোৱে গম পাব : কাৰ ওপৰত ইমান খং জুবিনৰ?

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 4, 2019 5:00 pm

গোলাঘাটৰ কাৰ ওপৰত খং জুবিনৰ? কাক ধুলাই দিলে হেতেন জুবিনে? গোলাঘাটৰ খঙৰ ক্ষোভ উজাৰিলে সোণাৰীত। শুকুৰবাৰে চৰাইদেউ জিলাৰ সেণাৰীত আছুৰ উদ্যোগত অনুষ্ঠিত বিহু সন্মিলনত এইদৰে নিজৰ ক্ষোভ উজাৰিলে জুবিনে।

গীত গোৱাৰ মাজতে জুবিনে কয় তেওঁৰ ‘কথা এটাত খং উঠি আছে। ইয়াত নহয়, গোলাঘাটত। গোলাঘাটৰ জিমখানা ৰিজৰ্টত’। কিবা কথাত ৰিজৰ্টখনৰ মালিকৰ সৈতে কাজিয়া হৈছিল বুলি উল্লেখ কৰি জুবিনে কয় যে লগত গৰিমা গাৰ্গ আছিল বুলিহে একো নকৰিলে, নহ’লে মালিকক ধুলাই দিলে হেতেন।

‘এদিন গৈ তেওঁক ধুলাই দিমেই। যাক ধুলাই দিও বুলি কওঁ, তাক ধুলাই দিওৱেই মই। খং এতিয়াও উঠি আছে। ধুলাই দিলে সকলোৱে গম পাব। নিউজত ওলাব।’ জুবিনে হেড লাইনও কলে ‘ধুলাই দিলে জুবিনে’।

আনহাতে অনুষ্ঠানটোত মায়াবিনী গীতটো গাই আবেগিক হৈ জুবিনে কয়, ‘মোৰ আটাইটকৈ প্ৰিয় গীত এইটো। এই গীতটো মই মোৰ মাক লৈ গোৱা। বহুতে কয় জুবিনে ছোৱালীক লৈ গান গায়। কিন্তু মই ছোৱালীক নহয় নিজৰ মাক লৈহে গান গাও’।

ইয়াৰ পিছত পুৱতি নিশালৈকে দৰ্শকক নচোৱাই এটা এটাকৈ নিজৰ হিট গান গালে জুবিনে। গীতৰ লগতে তেওঁক মাজে মাজে ঢোল, ড্ৰাম বজোৱাও দেখা গ’ল।