NORTHEAST NOW (Assamese)
Popular Stories

বিষাক্ত চুলাই পান কৰি ৩৮ জনৰ মৃত্যু : ৰাজ্যত চুলাই উৎখাত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 1, 2020 5:44 pm
Story-3-1-1140x570

পঞ্জাৱত বিষাক্ত চুলাই মদ পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৩৮ গৰাকীলৈ বৃদ্ধি পাইছে।

ৰাজ্যখনৰ তিনিখন জিলা ক্ৰমে তৰ্ন তৰণ জিলাত ১৩ জন, অমৃতচৰত ১১ জন আৰু বাটালা জিলাত ৮ জন লোকৰ মৃত্যু ঘটিছে বিষাক্ত চুলাই মদ পান কৰি।

উল্লেখ্য যোৱা ২৯ জুলাইৰ নিশা প্ৰথমে অমৃতচৰ জিলাৰ দুখন গাঁৱত বিষাক্ত চুলাই পান কৰি ৫ জন লোকৰ মৃত্যু ঘটিছিল।

ইয়াৰ পিছতে অন্য দুখন জিলাতো বিষাক্ত চুলাই পান কৰাৰ ফলত মানুহৰ মৃত্যু হোৱাৰ খবৰ আহিছে।

শুকুৰবাৰৰ ৰাতিলৈ এই বিষাক্ত চুলাই পান কৰি মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৩৮ গৰাকীলৈ বৃদ্ধি পাইছে।

ইয়াৰ উপৰি কেবাজনো লোক বিষাক্ত চুলাই পান কৰি অসুস্থ হৈ আছে বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত পঞ্জাৱ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে।

ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে অমৃতচৰ জিলাৰ মুছাল গাঁৱৰ পৰা বলবিন্দৰ কৌৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে বিষাক্ত চুলাই উৎপাদনৰ লগত জড়িতসকলক কঠোৰ শাস্তি বিহা হ’ব বুলি ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ আৰক্ষীক ৰাজ্যজুৰি চলি থকা বেআইনী মদৰ উৎপাদন আৰু দোকান উৎখাত কৰিবলৈ নিৰ্দেশ দিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে এক টুইটাৰত কয়, “বিষাক্ত মদ পান কৰি মৃত্যু হোৱা ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ নিৰ্দেশ দিয়া হৈছে। জলন্ধৰ সংমণ্ডলৰ আয়ুক্তই এই তদন্ত কৰিব। সংশ্লিষ্ট জিলাৰ এচএচপি আৰু অন্যান্য প্ৰশাসনীয় বিষয়াসকলে তেওঁক সহায় কৰিব। দোষী কেতিয়াও বাচি যাব নোৱৰিব।”