NORTHEAST NOW (Assamese)
অসম

ব্ৰিটেইনৰ আদালতত পুনৰ মুখথেকেচা বিজয় মালিয়াৰ; এইবাৰ উভতিব লাগিব ভাৰতলৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 14, 2020 6:01 pm
vijay-mallaya-750x375

সুৰা সম্ৰাট, পলাতক ব্যৱসায়ী বিজয় মালিয়াই পুনৰ এবাৰ আইনী যুঁজত মুখথেকেচা খালে। ব্ৰিটেইনৰ হাইকোৰ্টে ছুপ্ৰীম কোৰ্টত আৰ্জি জনাব বিচৰা আবেদন বৃহস্পতিবাৰে খাৰিজ কৰি দিয়ে।

এই সিদ্ধান্তৰ পাছত মালিয়াৰ সকলো আইনী পথ ৰুদ্ধ হৈ পৰিল। এতিয়া ২৮ দিনৰ ভিতৰত মালিয়াক ভাৰতলৈ প্ৰত্যৰ্পণ কৰাৰ পথ প্ৰশস্ত হৈ পৰিল।

উচ্চ ন্যায়ালয়ত আবেদন খাৰিজ হোৱাৰ পাছত লণ্ডনৰ গৃহ বিভাগৰ কাৰ্যালয়ে তেওঁৰ প্ৰত্যৰ্পণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব।

বিজয় মালিয়াৰ বাবে দেশখনত এতিয়া আৰু কোনো আইনী পথ মুকলি হৈ থকা নাই। হাইকোৰ্টে পূৰ্বেই প্ৰত্যৰ্পণৰ বিৰুদ্ধে মালিয়াৰ আবেদন নাকচ কৰিছিল।

সুৰা সম্ৰাটগৰাকীয়ে তেওঁক ভাৰতক প্ৰত্যাৰ্পণৰ নিৰ্দেশৰ বিৰুদ্ধে ব্ৰিটেইনৰ উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল।

যোৱা ২০ এপ্ৰিলত ব্ৰিটেইনৰ আদালতে মালিয়াৰ সেই আবেদন খাৰিজ কৰে।

বিজয় মালিয়াক দেশলৈ কেতিয়া প্ৰত্যাৰ্পন কৰা হ’ব তাৰ চূড়ান্ত সিদ্ধান্ত ল’ব ব্ৰিটেইনৰ গৃহ সচিব প্ৰীতি পেটেলে।

আদালতৰ উক্ত ৰায়ক চিবিআইয়ে নিজৰ বিজয় হিচাপে ধৰি লৈছিল।

কিংফিচাৰ বিমান পৰিবহন সংস্থাৰ নামত বিজয় মালিয়াই ভাৰতৰ একাধিক বেংকৰ পৰা প্ৰায় ৯হাজাৰ কোটি টকা ঋণ লৈছিল। তেওঁ এই ঋণ পৰিশোধ নকৰাকৈয়ে দেশৰ পৰা পলাই গৈছিল।

ভাৰত চৰকাৰে মালিয়াক দেশলৈ ঘুৰাই অনাৰ বাবে প্ৰচেষ্টা চলাই আছিল যদিও আইনী প্ৰক্ৰিয়াৰ সহায় লৈ মালিয়াই সময় পাৰ কৰিছিল।

যোৱা ফেব্ৰুৱাৰিত বিজয় মালিয়াই তেওঁৰ প্ৰত্যাৰ্পনৰ বিৰুদ্ধে লণ্ডনৰ ৰয়েল আদালতৰ দ্বাৰস্থ হৈছিল।

উল্লেখযোগ্য যে যোৱা ৩১ মাৰ্চত সুৰা সম্ৰাট বিজয় মালিয়াই তেওঁক সহায় কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনাইছিল।

ক’ৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা ২১ দিনীয়া ল’কডাউনৰ ফলত তেওঁৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকল সমস্যাত পৰিছে বুলি কৈ মালিয়াই ভাৰত চৰকাৰৰ সহায় বিচাৰিছিল।