NORTHEAST NOW (Assamese)
অসম

বিহালীত কুৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত দত্তৰ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম May 14, 2020 6:07 pm
COVID-19: Assam minister Ranjit Dutta visits two quarantine centres in Behali

মন্ত্ৰী ৰঞ্জিত দত্তই বৃহস্পতিবাৰে বিহালীত কুৱাৰেণ্টিন চেণ্টাৰ পৰিদৰ্শন কৰে।

বহিঃৰাজ্যৰ পৰা উভটিব লগা ২০০০ লোকৰ বাবে এই কুৱাৰেণ্টিন চেণ্টাৰত ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

“বিশ্বনাথ জিলাত প্ৰায় ২০০০ যুৱক-যুৱতীক কুৱাৰেণ্টিন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে,” তেওঁ কয়।

বহিঃৰাজ্যৰ পৰা ওভটাসকলৰ বাবে এই চেণ্টাৰসমূহৰ ব্যৱস্থা কৰাত মন্ত্ৰী দত্তৰ লগতে জিলা প্ৰশাসনে তৎপৰতা অৱলম্বন কৰিছে।

মন্ত্ৰী দত্তই বিহালীৰ বালিপুখুৰীস্থিত দুটাকৈ কুৱাৰেণ্টিন চেণ্টাৰ পৰিদৰ্শন কৰে।

কুৱাৰেণ্টিন কৰা লোকসকলে যাতে কোনোধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে জিলা প্ৰশাসন, স্বাস্থ্য বিভাগক তেওঁ নিৰ্দেশ প্ৰদান কৰে৷