প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ দুৰ্নীতি সন্দৰ্ভত কৃষি মন্ত্ৰী অতুল বৰাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

‘‘প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি ভাৰত চৰকাৰৰ এখন আঁচনি। ২০২২ চনত কৃষৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে এই আঁচনি প্ৰৱৰ্তন কৰা হৈছিল। প্ৰথম পৰ্যায়ত হিতাধিকাৰীৰ নাম খৰটকীয়াকৈ দিবলগীয়া হৈছিল আৰু সেই সময়ত আমাৰ কৰ্মচাৰী সকল এন আৰ চিৰ কামত ব্যস্ত হৈ আছিল,’’ জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত অংশ লৈ এনেদৰে মন্তব্য কৰে পশুপালন মন্ত্ৰী অতুল বৰাই।
আঁচনিখনৰ নিৰ্দেশনাত স্পষ্টভাৱে কোনো কোনো হিতাধিকাৰীয়ে পইচা পাব সেই কথা উল্লেখ কৰা আছে বুলি মন্ত্ৰী অতুল বৰাই মত প্ৰকাশ কৰি এইক্ষেত্ৰত যদিহে প্ৰকৃত কৃষক হয় তেওঁলোকক জিলা পৰিষদৰ লোকে পইচা পোৱাত বাধা দিয়া নাই বুলি জানিবলৈ দিয়ে।
আনহাতে, হাজোত হিন্দু গাঁৱত মুছলমান মানুহৰো নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱা সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত জিলা পৰ্যায়ত পুনৰ তালিকা সমূহ পুনৰীক্ষণ কৰিবলৈ দিয়া হৈছে বুলি জানিবলৈ দিয়ে।
হিতাধিকাৰীৰ তালিকাৰ পৰা পূৰ্বেই ৭ লাখৰো অধিক নাম বাতিল কৰা হৈছিল বুলি কৃষি মন্ত্ৰী গৰাকীয়ে সংবাদমেলত সদৰী কৰি ডাটা অপাৰেটৰ সকলে বহু ঠাইত এনে নাম সোমাই দিছিল বুলি উল্লেখ কৰি ডাটা অপাৰেটৰ সকলৰ বিৰুদ্ধে অনুসন্ধান কৰি এজাহাৰ দাখিল কৰা হৈছে বুলি জনায়।
তদুপৰি, দৰং, ধুবুৰী আদি জিলাত অনুসন্ধান কৰি আইনী ব্যৱস্থা কৃষি বিভাগে গ্ৰহণ কৰাৰ লগতে বৰপেটাৰ জিলা পৰ্যায়ৰ কৃষি বিষয়াক নিলম্বন কৰা হৈছিল বুলি বৰাই লগতে কয়।
পূৰ্বতকৈ কৃষকৰ সংখ্যা বৃদ্ধি হোৱা বুলি সংবাদমেলত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি ল’কডাউনৰ সময়ত ৪৭৫ কোটি টকা কৃষকৰ একাউণ্টত জমা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
‘‘যদি এই পইচা নেপাবলগীয়াই পাইছে তেন্তে ঘুৰাই দিব লাগিব। অতিৰিক্ত উপায়ুক্ত, ৰাজহ বিষয়া, গাঁওবুঢ়া আদিক তালিকাৰ সত্যসত্যতা নিৰূপন কৰাৰ বাবে দায়িত্ব অৰ্পন কৰা হৈছে। একেটা পৰিয়ালৰ কেইবাজনো লোকে যদি পইচা পাইছে আৰু তেওঁলোকৰ মাটি আছে তেন্তে তেওঁলোক পইচা পোৱাৰ যোগ্য,’’ অতুল বৰাই কয়।
চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে এই আঁচনিৰ পইচা পোৱা যোগ্য আৰু ভূমিহীন কৃষকে নিৰ্দেশনা মতে পইচা পোৱাৰ যোগ্য নহয় বুলিও অতুল বৰাই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
ল’কডাউনৰ সময়ত ৰাজ্যত ৩২৪ কোটি টকাৰ শাক-পাঁচলি বিক্ৰী হৈছে কিন্তু ৪০.৮ কোটি টকা লোকচান হৈছে বুলিও বৰাই কয়।
‘‘দৰংগিৰীৰ কলৰ বজাৰত মুঠ ২৯০ কোটিৰ ব্যৱসায় হয়। ১১০ কোটি টকা ৰাজ্যৰ বাহিৰত পাঁচলি বিক্ৰী লাভ কৰিছো, ডুবাইলৈ পাচলি পঠোৱাৰ বাবেও চেষ্টা কৰি থকা হৈছে,’’ কৃষি মন্ত্ৰী গৰাকীয়ে এইদৰে কয়।
ল’কডাউনৰ সময়ত ঘৰুৱাভাৱে শস্যৰ খেতি কৰিবলৈও বীজৰ যোগান ধৰা হৈছে বুলি তেওঁ লগতে কয়।