NORTHEAST NOW (Assamese)
অসম

#PostponeJEE_NEET ৰ ধুমুহা: পুনৰ পিচুৱাব পাৰে জে ই ই, নীট-২০২০

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 1, 2020 6:22 pm
exam 123

ধুমুহাৰ গতিৰে দেশত সংক্ৰমিত হৈছে কাল ভাইৰাছ ক’ৰ’ণা ভাইৰাছ।

এনে পৰিস্থিতিত কিছুদিন পিছতে অনুষ্ঠিত হ’ব লগীয়া জে ই ই নীট-২০২০ পৰীক্ষাত বহিবলৈ অস্বীকাৰ কৰিছে লাখ লাখ পৰীক্ষাৰ্থীয়ে।

চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে জে ই ই মেইন-২০২০ চলিত বৰ্ষৰ ১ ছেপ্তেম্বৰৰ পৰা ৬ ছেপ্তেম্বৰলৈ অনুষ্ঠিত কৰা হ’ব।

একেদৰে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নাম ভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা নীট-২০২০ অনুষ্ঠিত কৰা হ’ব ১৩ ছেপ্তেম্বৰত।

নীট আৰু জে ই ই অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰে পূৰ্বৰ স্থিতিকে বাহাল ৰখাৰ সময়তে ছ’চিয়েল মিডিয়াত ক’ৰ’ণাতংকৰ বাবেই নীট আৰু জে ই ই স্থগিত ৰখাৰ দাবীৰে একাংশ শিক্ষাৰ্থীয়ে আৰম্ভ কৰা #PostponeJEE_NEET অভিযানলৈ সমৰ্থন জনাইছে লাখ লাখ শিক্ষাৰ্থীয়ে।

ছ’চিয়েল মিডিয়াত চলা এনে অভিযান সন্দৰ্ভত চৰকাৰে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই যদিও কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংকে শেহতীয়াকৈ এই বুলি কৈছে যে দেলত ক’ৰ’ণাৰ সংক্ৰমণ কমক চাৰি বাঢ়িছেহে।

এনে পৰিস্থিতিত চৰকাৰে ছাত্ৰ-ছাত্ৰী সকলৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি অধিক সচেতন হৈছে।

শিক্ষা মন্ত্ৰী গৰাকীৰ এনে মন্তব্যৰ পৰা এটা কথাৰ ইংগিত পোৱা গৈছে যে নীট আৰু জে ই ই -২০২০ হয়তো পুনৰ পিছুৱাব পাৰে।