NORTHEAST NOW (Assamese)
অসম

বাংগালোৰৰ অসমীয়া সমাজে কাৰ্বি আংলঙত নিহত যুৱক দুজনলৈ জনালে শ্ৰদ্ধাঞ্জলি

Posted by: শশাংক তালুকদাৰ June 14, 2018 12:56 pm
Screenshot_2018-06-13-22-51-26-012_com.picsart.studio-570x320

কাৰ্বি আংলঙৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পানীজুৰি গাঁৱত অলপতে  সোপাধৰা সন্দেহত নৃশংসভাৱে হত্যা কৰা গুৱাহাটী দুই যুৱকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ বাংগালোৰৰ অসমীয়া সমাজে এখন প্ৰাৰ্থনা সভাৰ আয়োজন কৰে। তেওঁলোকে লগতে এই অমানৱীয় হত্যাকাণ্ডৰ বিৰুদ্ধে এটি মৌন প্ৰতিবাদী সমদলো উলিয়ায়।

উল্লেখযোগ্য যে যোৱা ৮ জুনৰ নিশা প্ৰায় ৮ বজাত ডকমকা থানাৰ অন্তৰ্গত ডেনগাঁও পাণজুৰি কছাৰী গাঁৱত সংঘটিত হৈছিল এই নৃশংস ঘটনা। উল্লেখযোগ্য যে গাঁৱখনত এখন বলেৰে’ গাড়ীৰে দুজন যুৱকে প্ৰৱেশ কৰিছিল। অচিনাক্ত যুৱক দুজনক দেখি স্থানীয় লোকে সোপাধৰা বুলি সন্দেহ কৰি আক্ৰমণ কৰে আৰু তীব্ৰ গণপ্ৰহাৰত যুৱক দুজনৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

পেচাত এগৰাকী ছাউণ্ড ইঞ্জিনীয়াৰ নিলোৎপল দাসে গোৱাৰ পৰা অসমলৈ আহি তেওঁৰ এগৰাকী ব্যৱসায়ী তথা শিল্পী বন্ধু অভিজিৎ নাথৰ সৈতে ডকমকালৈ ফুৰিবলৈ গৈছিল।

বাংগালোৰত অনুষ্ঠিত কাৰ্যসূচীত অসমীয়া সমাজৰ সদস্যসকলে মম আৰু চাকি জ্বলোৱাৰ লগতে কলা সাজ পিন্ধি হাতত প্লেকাৰ্ড লৈ যুৱক দুজনলৈ শ্রদ্ধাঞ্জলি জনায়।

তেওঁলোকে লগতে এই নৃশংস হত্যাকাণ্ডটোৰ সঠিক তদন্ত কৰাৰ লগতে ইয়াৰ সৈতে জড়িত অপৰাধীসকলক কঠোৰ শাস্তি বিহাৰ দাবী তোলে।

নীলোৎপল দাস আৰু অভিজিৎ নাথৰ বন্ধু তথা পূৰ্বৰ ৰুমমেটৰ লগতে প্ৰায় ৩০০ লোকে কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ইয়াৰ মাজতে বাংগালোৰৰ অসমীয়া সমাজৰ সাধাৰণ সম্পাদক হীৰকজ্যোতি কাকতিয়ে জনায় যে তেওঁলোকে দুই নিৰীহ যুৱকৰ বাবে তাৎক্ষণিক ন্যায় বিচাৰি বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এখন স্মাৰক পত্ৰ প্ৰদান কৰিব।