NORTHEAST NOW (Assamese)
Popular Stories

বীয়েৰ আসক্তসকলৰ বাবে সুখবৰ! আধা গিলাছ বীয়েৰ খাওক আৰু দীৰ্ঘজীৱী হওক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 26, 2020 6:08 pm
বীয়েৰ

দৈনিক আধা গিলাছ বীয়েৰ খাই আপুনি দীৰ্ঘ জীৱন লাভ কৰিব পাৰিব।

বীয়েৰ আসক্তসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে এদল বিজ্ঞানীৰ গৱেষণাই।

নেণ্ডাৰলেণ্ডৰ মাষ্ট্ৰিষ্ট বিশ্ববদ্যালয়ৰ এক গেৱষণাত এই তথ্য পোহৰলৈ আহিছে।

বিশ্ববদ্যালয়খনৰ গৱেষকসকলে দুটা দশক ধৰি বীয়েৰ আসক্ত ৫,৫০০ লোকৰ ওপৰত চলোৱা এক গৱেষণাৰ পৰা এই তথ্য লাভ কৰিছে।

‘আমাৰ গৱেষণা তথা বিশ্লেষণত সুৰাসক্ত পুৰুষ আৰু মহিলাৰ কিছুমান ধনাত্মক প্ৰভাৱ দেখা পোৱা গৈছিল।’ গৱেষক দলৰ প্ৰধান প্ৰফেচৰ পিয়েট ভান ডেন ব্ৰাণ্ডটে এইদৰে কয়।

গৱেষকসকলৰ মতে মধ্যমীয়া পৰিমাণৰ সুৰাপান স্বাস্থ্যৰ পক্ষে উপকাৰী। কিন্তু অধিক পৰিমাণৰ সুৰাপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

অৱেশ্য গৱেষকসকলে দাবী কৰে যে এই গৱেষণাৰ ফলাফলৰ উদ্দেশ্য কিন্তু অসুৰাসক্তসকলক সুৰাৰ প্ৰতি আসক্ত কৰা নহয়।

‘গৱেষণাৰ ফলাফলৰ উদ্দেশ্য মানুহক সুৰাপান কৰিবলৈ আকৰ্ষিত কৰা নহয়।’ গৱেষকসকলে কয়।

গৱেষকসকলৰ মতে নেশ্যনেল হেল্থ এলায়েন্স (NHS) ৰ গাইডলাইনে সপ্তাহত ১৪ ইউনিটতকৈ অধিক সুৰাপান কৰাত বাধা আৰোপ কৰিছে।

গ্ৰেট বৃটেইনৰ এলক’হ’ল হেল্থ এলায়েন্সৰ চাৰ ইয়ান গীলম’ৰে কৈছে যে, ‘এই গৱেষণাই কিন্তু অসুৰাসক্তসকলক সুৰাপান কৰি স্বাস্থ্যৱান হ’বলৈ পৰামৰ্শ প্ৰদান কৰা নাই।’