NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিড পজিটিভ হ’ল অভিনেতা ছনু সুদ, কোৱাৰেণ্টাইনৰ সময়খিনি পাৰ কৰিব ব্যতিক্ৰমীভাৱে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 17, 2021 4:39 pm

বলিউডৰ জনপ্ৰিয় অভিনেতা ছনু সুদৰ কভিড পজিটিভ পোৱা গৈছে।

অভিনেতাজনে সামাজিক মাধ্যমৰ যোগেৰে এই কথা জনাইছে।

অনুৰাগীসকলক তেওঁ কৈছে যে বিশেষ চিন্তা কৰিবলগা একো নাই।

বৰ্তমান অভিনেতাজন কোৱাৰেণ্টাইনত আছে।

টুইটাৰ আৰু ইনষ্টাগ্ৰামযোগে তেওঁ জনাই যে কোৱাৰেণ্টাইনত থকাৰ সময়খিনি তেওঁ জনহিতকৰ কাম কৰিবলৈ অধিক সময় লাভ কৰিব।

উল্লেখযোগ্য যে যোৱা বৰ্ষত কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা লকডাউনৰ সময়ত অভিনেতাজন সাংঘাটিকভাৱে চৰ্চিত হৈ পৰিছিল।

ইয়াৰ কাৰণ আছিল লকডাউনত সৰ্বস্বান্ত হোৱা প্ৰব্ৰজিত শ্ৰমিকসকলক নিজ নিজ গৃহ ৰাজ্যলৈ উভটাই পঠাবলৈ অভিনেতাজনে যাতায়তৰ যোগান ধৰিছিল।

তদুপৰি বহুতো শ্ৰমিকক বিকল্প জীৱিকাৰ ক্ষেত্ৰতো তেওঁ সহায় কৰিছিল।

অভিনেতাজনৰ এই ব্যতিক্ৰমী কৰ্মৰাজীয়ে দেশবাসীৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল।

আনকি প্ৰব্ৰজিত শ্ৰমিকসকলে তেওঁক ‘ছেভিয়ৰ’ (ৰক্ষাকৰ্তা) হিচাপেও অভিহিত কৰিছিল।

৪৭ বৰ্ষীয় ছনু সুদে বলিউড কেৰিয়াৰ আৰম্ভণি কৰে ২০০২ চনৰ শ্বহীদ-ই-আজম নামৰ ছৱিখনেৰে।

তাৰপাছৰে পৰা আশ্বিক বনায়া আপনে, সিং ইজ কিং, দাবাং ইত্যাদী জনপ্ৰিয় ছৱিৰে তেওঁ প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়।

শেহতীয়াকৈ মুক্ত লাভ কৰিব তেওঁৰ চিনেমাখন হৈছে- পৃথিৰাজ।

ছৱিখনত ছনু সুদৰ উপৰিও অক্ষয় কুমাৰ আৰু মানুষী চিল্লাৰে অভিনয় কৰিছে।

উল্লেখযোগ্য যে ‘পৃথিৰাজ’ৰ যোগেৰে প্ৰাক্তন মিছ ৱৰ্ড মানুশী চিল্লাৰে বলিউডত খোজ পেলাব।