NORTHEAST NOW (Assamese)
অসম

আজি মৃত্যু বাৰ্ষিকীত ড০ এ পি জে আব্দুল কালামক স্মৰণ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলবাসীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 27, 2019 10:25 am
A.-P.-J-Abdul-Kalam

আজি সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণেও বিজ্ঞানী তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে মহান ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

২০১৫ চনৰ ২৭ জুলাইৰ দিনাখন মেঘালয়ৰ শ্বিলঙত ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত বক্তৃতা দি থকা অৱস্থাতে অসুস্থ হৈ শেষ নিশ্বাস ত্যাগ কৰিছিল ড০ কালামে।

ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেন ৰিজিজুই টুইটাৰ যোগে মহান বিজ্ঞানীগৰাকীক স্মৰণ কৰে।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰগতি আৰু ভাৰতৰ প্ৰতিৰক্ষা শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ড০ এ পি জে আব্দুল কালামৰ জন্ম হৈছিল ১৯৩১ চনৰ ১৫ অক্টোৱৰত তামিলনাডুৰ ৰামেশ্বৰমত।

১৯৬২ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত বিজ্ঞানী হিচাপে যোগদান কৰা কালামে ভাৰতীয় মহাকাশ গৱেষণাৰ পিতৃপুৰুষ সতীশ ধাৱানৰ সান্নিধ্যত ইয়াৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।

ইছৰোত সুদীৰ্ঘ দিন কাম কৰাৰ পাছত কালামে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাৰ অধ্যক্ষ হিচাপে দহ বছৰ জড়িত হৈ থাকি সম্পূৰ্ণ দেশীয় প্ৰজুক্তিৰে নিৰ্মাণ কৰা অগ্নি আৰু পৃথ্বী মিছাইল নিৰ্মাণৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল।

ভাৰতীয় বিজ্ঞান জগতৰ বিকাশৰ বাবে অহৰহ কাম কৰি যোৱা ড০ কালামে ২০০২ চনৰ ২৫ জুলাইত দেশৰ একাদশ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।

বিজ্ঞান প্ৰতিৰক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ বৰঙনিৰ বাবে ১৯৯৭ চনত আব্দুল কালামলৈ দেশৰ সৰ্বোচ্চ সন্মান ‘ভাৰত ৰত্ন’ বঁটা প্ৰদান কৰা হয়।

আজিও প্ৰতিগৰাকী ভাৰতীয়ৰ মনত আব্দুল কালামৰ কৰ্মৰাজি, দেশৰ প্ৰতি সৰ্বোচ্চ সমৰ্পন আৰু উপদেশ বাণীসমূহ সজীৱ হৈ আছে।