NORTHEAST NOW (Assamese)
অসম

ইম্ফলত উত্তৰ-পূবৰ আৰক্ষী সঞ্চালক প্ৰধান সকলৰ অপৰাধ নিয়ন্ত্ৰণৰ প্ৰসংগত গুৰুত্বপূৰ্ণ বৈঠক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 27, 2019 9:08 am
DGP kuladhar Saikia

ছিকিমকে ধৰি উত্তৰ-পূবৰ সাতখন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানসকলে শুকুৰবাৰে ইম্ফলত আন্তঃৰাজ্যিক অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পাৰস্পৰিক বুজাপৰা আৰু সহযোগিতাৰ বিষয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত সভাপতিত্ব কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

শইকীয়াই বৈঠকত অংশগ্ৰহণ কৰি বৈঠকত বহু জৰুৰী বিষয়ৰ ওপৰত আলোচনা কৰা হয় বুলি উল্লেখ কৰে।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত, শইকীয়াই অপৰাধৰ ক্ষেত্ৰত কেবল এখন ৰাজ্য জড়িত হৈ নাথাকে ইয়াত বহু ৰাজ্যৰ অপৰাধী গেঙে সক্ৰিয় ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰে।

উত্তৰ-পূবত হৈ থকা বিভিন্ন অপৰাধ বিশেষকৈ ড্ৰাগছৰ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত আটাইকেইখন ৰাজ্যৰ আৰক্ষী বিভাগে সহযোগিতাৰে কাম কৰাৰ ক্ষেত্ৰতো বৈঠকত আলোচনা কৰা হয় বুলি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয়।

আনহাতে, নতুনকৈ বৃদ্ধি হোৱা অবৈধ ব্যৱসায় বিশেষকৈ কয়লা, সাৰকে ধৰি বনজ সম্পদ তথা খনিজ সম্পদৰ অবৈধ ব্যাৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰাৰ ক্ষেত্ৰত আটাইকেইখন ৰাজ্যৰ আৰক্ষী বিভাগে সহযোগিতাৰে কাম কৰাৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি শইকীয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

তদুপৰি, উত্তৰ-পূবত সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু তীব্ৰতৰ কৰি তোলাৰ প্ৰসংগতো বৈঠকত আলোচনা কৰা হয়।