NORTHEAST NOW (Assamese)
প্ৰতিৱেশী

বাংলাদেশৰ কক্স বজাৰৰ ৰহিঙীয়া শৰণাৰ্থী শিবিৰত বনৰীয়া হাতীৰ আক্ৰমণ

Posted by: এন ই নাও নিউজ January 22, 2018 11:12 am
ৰহিঙীয়া শৰণাৰ্থী শিবিৰ

বাংলাদেশত আশ্ৰয় গ্ৰহণ কৰি থকা ৰহিঙীয়া শৰণাৰ্থীৰ এক আশ্ৰয় শিবিৰত দুটা বনৰীয়া হাতীয়ে চলোৱা আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে দুজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

প্ৰাপ্ত তথ্য মতে বাংলাদেশৰ কক্স বজাৰ জিলাৰ উখিয়াত অৱস্থিত কুটুপালং লম্বচীয়াৰ ১ নং ৰহিঙীয়া শৰণাৰ্থী শিবিৰত শুক্ৰবাৰে বনৰীয়া হাতীৰ দ্বাৰা উক্ত আক্ৰমণ সংঘটিত হয়।

আক্ৰমণটোৰ ফলত নিহত হোৱা লোকজনক য়াকুব আলী বুলি চিনাক্ত কৰা হৈছে।  বনৰীয়া হাতীৰ গছকত য়াকুব আলীৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ পত্নী আনোৱাৰা বেগম আৰু পুত্ৰ হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়।

উক্ত লোককেইজনক আক্ৰমণ কৰাৰ উপৰি বনৰীয়া হাতীয়ে শৰণাৰ্থী শিবিৰটোৰ মধুচৰা এলেকাত থকা ৬ টা অস্থায়ী আশ্ৰয় গৃহ ভাঙি পেলায়।

যোৱা বছৰো কুটুপালং শৰণাৰ্থী শিবিৰত বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত দুটি শিশুকে ধৰি ৬ জন লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছিল।