NORTHEAST NOW (Assamese)
অসম

বাংলাদেশৰ চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত বিদ্যুৎ কটকীৰ ‘শৈশৱতে ধেমালিতে’

Posted by: এন ই নাও নিউজ December 31, 2017 9:33 pm

বিদ্যুৎ কটকীৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্ৰ ‘শৈশৱতে ধেমালিতে’ বাংলাদেশৰ প্ৰথিতযশা প্ৰায় ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে। অসম আন্দোলনৰ সময়ত ডাঙৰ হোৱা এটি শিশুৰ মানসিক সংঘাতক বিষয় হিচাপে লৈ নিৰ্মাণ কৰা চলচ্চিত্ৰখন মহোৎসৱটোৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা শাখাৰ বাবে নিৰ্বচিত হৈছে। চলচ্চিত্ৰখনৰ এই প্ৰাপ্তিত উৎফুল্লিত হৈ পৰা বিদ্যুৎ কটকীয়ে চলচ্চিত্ৰখনে দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হ’ব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে চলচিচত্ৰখনে ইতিমধ্যে ৰষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত হলিউদৰ চিনেফেষ্টত অৰ্জন কৰা শ্ৰেষ্ঠ বিদেশী চলচিচত্ৰৰ সন্মান আৰু গোৱাত অনুষ্ঠিত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচিচত্ৰ মহোৎসৱত ৱৰ্ল্ড প্ৰিমিয়াৰৰ বাবে নিৰ্বাচিত হোৱাতো অন্যতম। ১৬ জানুৱাৰিত মুক্তি পাব লগীয়া চলচিচত্ৰখনত অভিনয় কৰিছে ভিক্তৰ বেনাৰ্জি, দিপান্দিতা শৰ্মা, নকুল বৈদ্য, নিপন গোস্বামী ইত্যাদিয়ে।