NORTHEAST NOW (Assamese)
অসম

চলচ্চিত্ৰ পৰিচালক মুকুল হালৈৰ পৰিচালনাত গুৱাহাটীত চিত্ৰনাট্য কৰ্মশালা

Posted by: এন ই নাও নিউজ December 8, 2018 9:44 pm
Screenplay workshop

বিশিষ্ট নাট্য পৰিচালিকা ৰবিজিতা গগৈৰ গুৱাহাটী দীঘলীপুখুৰী পাৰস্থিত ‘জিৰছং ষ্টুডিঅ’ত অহা ২১ ডিচেম্বৰৰ পৰা চিত্ৰনাট্য নিৰ্মাণৰ এক কৰ্মশালা অনুষ্ঠিত হ’ব।

৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগীয়া উক্ত কৰ্মশালাটো পৰিচালনা কৰিব ফিল্ম এণ্ড টেলিভিছন ইন্সটিটিউট অব ইণ্ডিয়া (এফ টি আই আই)ৰ স্নাতক তথা প্ৰতিশ্ৰুতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক মুকুল হালৈয়ে।

কিদৰে মনলৈ অহা এটা ধাৰনাক কাহীনিলৈ ৰূপান্তৰ কৰি তাক চিত্ৰনাট্যৰ ৰূপ দিব পাৰি এই বিষয়টোক প্ৰাধান্য দি অনুষ্ঠিত কৰিবলৈ লোৱা এই কৰ্মশালাটোত তথ্যচিত্ৰ আৰু কাহিনীচিত্ৰৰ চিত্ৰনাট্য নিৰ্মাণৰ বিভিন্ন কৌশল সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হ’ব।

উল্লেখযোগ্য যে মুকুল হালৈয়ে পৰিচালনা কৰা চুতি ছবি ‘শৰতৰ আবেলিবোৰ’ আৰু তথ্যচিত্ৰ ‘ল’ৰালিৰ সাধুকথা’ই দেশ-বিদেশৰ কেইবাটাও আন্তঃৰাষ্ট্ৰিয় চলচ্চিত্ৰ মহোৎসৱত বিশেষভাৱে সমাদৃত হৈছে।

২১’ৰ পৰা ২৫ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাটোত অংশগ্ৰহণৰ বাবে আগ্ৰহীসকলে ৮৬৩৮৭০৮৮৪৭, ৮৮৭৬৪২৩৫৩৯ নম্বৰত বা দীঘলীপুখুৰী পাৰৰ সত্যনাথ বৰা পথত অৱস্থিত জিৰছং ষ্টুডিঅ’ৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে।