NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ নিৰাপত্তা ধোঁৱাচাঙত, দিন দুপৰতে ৪খনকৈ ট্ৰাক জ্বলাই দিলে ‘উগ্ৰপন্থীয়ে’

Posted by: পংকজ কুমাৰ দেব Updated by: পংকজ কুমাৰ দেব December 8, 2018 9:43 pm
dima-hasao-trauck

ডিমা হাচাও জিলাৰ লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত ডিচাব্ৰা গাঁৱত শনিবাৰে আবেলি ৪খনকৈ কাঠ ভৰ্তি ট্ৰাক জ্বলাই দিয়াৰ এক ঘটনা সংঘটিত হৈছে। ঘটনাটোত উগ্ৰপন্থী জৰিত থকাৰ সন্দেহ কৰা হৈছে।

লাংটিঙৰ পৰা ৫০ কি.মি. দূৰৰ কাৰ্বি আংলঙৰ সীমামূৰীয়া ভিতৰুৱা গাওঁখনত সংঘটিত এই ঘটনাটোত কোনো লোক হতাহত হৈছে নেকি এতিয়ালৈকে নিশ্চিত কৰিব পৰা হোৱা নাই। কিন্তু ঘটনাটোৰ সত্যতা নিশ্চিত কৰিছে লাংটিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গুণজিত পাঠকে।

লগতে পঢ়ক– ১ লাখ টকাত ডিমাপুৰৰ শ্বাৰ্প শ্বুটাৰে হাফলঙলৈ আহি কাৰ্য্যালয়তে গুলীয়াইছিল বিষয়াক

ইতিমধ্যে লাঙটিং আৰক্ষী অভিযানত নামিছে যদিও ঘটনাত কোন জড়িত আছে সেয়া আৰক্ষীয়ে এতিয়াও নিশ্চিত কৰা নাই।

ইফালে ট্ৰাককেইখন কাঠৰ অবৈধ সৰবৰাহকাৰী বুলি খবৰ ওলোৱাত একেটা ঘটনাক লৈ আৰক্ষী, বন বিভাগলৈয়ো আঙুলি উঠিছে।

জিলাখনত শেহতীয়াকৈ অপহৰণৰ ঘটনাও বৃদ্ধি পাইছে।