NORTHEAST NOW (Assamese)
Popular Stories

এইটোৱেই ভাৰতীয়সকলৰ ৰং; ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপন ঘূৰাই দিয়া সন্দৰ্ভত মুখ খুলিলে ছাই পল্লৱীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 11, 2024 1:26 pm

বহুদিন পূৰ্বে দক্ষিণৰ অভিনেত্ৰী ছাই পল্লৱীয়ে ২ কোটি টকাৰ এটা ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপনৰ প্ৰস্তাৱ নাকচ কৰিছিল। শেহতীয়াকৈ তেওঁ নিজেই এক সাক্ষাৎকাৰত এই সন্দৰ্ভত মুকলিকৈ কয়।

ছাইয়ে কয়, “এনেধৰণৰ বিজ্ঞাপন কৰা মানে ভাৰতীয় নাৰীক অপমান কৰা। যিটো মই কেতিয়াও কৰিব নোৱাৰিম, সেইটোৱেই হ’ল ভাৰতীয়সকলৰ ৰং।”

এজন ব্যক্তিৰ ছালৰ ৰং ক’লা হ’বই পাৰে, সেইবুলি বগা হোৱাৰ ক্ৰীম ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। সেইদৰেই অনুভৱ কৰে পল্লৱীয়ে। আফ্ৰিকানসকলৰো নিজস্ব ছালৰ ৰং আছে। সেয়ে, তেওঁ এই বিজ্ঞাপনটোক সমৰ্থন কৰা নাছিল। যদিও টকাৰ অংকটো ডাঙৰ, আত্মসন্মান তেওঁৰ বাবে সকলোতকৈ ওপৰত।

লগতে পঢ়কঃ অবিশ্বাস্য! মিছ ইণ্ডিয়াৰ ফাইনেলিষ্ট;তথাপিও মডেলিং এৰি কোচিং অবিহনে UPSCত লাভ কৰিলে ৯৩ সংখ্যক স্থান,কোন এইগৰাকী বৈদেশিক সেৱাৰ বিষয়া?

তেওঁৰ ভাষাত, ‘মোৰ প্ৰয়োজন কম, মোৰ উদ্দেশ্য কেৱল টকা উপাৰ্জন কৰাই নহয়। মই বিচাৰো মোৰ চৌপাশৰ মানুহবোৰ সুখী হওক। ঘৰলৈ গৈ পৰিয়ালৰ সৈতে একেখন টেবুলতে খাম, ইয়াতকৈ বেছি আশা নকৰো।’

‘ফিদা’ আৰু ‘প্ৰেমাম’ৰ বৃহৎ সফলতাৰ পিছত তামিল অভিনেত্ৰী ছাই পল্লৱীৰ চৰ্চা এতিয়া শীৰ্ষত। মালয়ালম, তামিল আৰু তেলেগু চলচ্চিত্ৰ উদ্যোগতো ছাই পল্লৱীয়ে জনপ্ৰিয়তা লাভ কৰিছে। এতিয়া তেওঁ পৰৱৰ্তী ছবি এন জি কে মুক্তিৰ বাবে অপেক্ষা কৰি আছে।