NORTHEAST NOW (Assamese)
Popular Stories

প্ৰযুক্তিয়ে সৃষ্টি কৰিছে নেকি অভিভাৱক-সন্তানৰ মাজত দূৰত্ব! সোণাক্ষী-জাহিৰৰ বিবাহৰ বিষয়ে বিশেষ জ্ঞাত নহয় শত্ৰুঘ্ন সিন্‌হা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 11, 2024 1:58 pm
প্ৰযুক্তিয়ে সৃষ্টি কৰিছে নেকি অভিভাৱক-সন্তানৰ মাজত দূৰত্ব! সোণাক্ষী-জাহিৰৰ বিবাহৰ বিষয়ে বিশেষ জ্ঞাত নহয় শত্ৰুঘ্ন সিন্‌হা

অৱশেষত জাহিৰ ইকবালৰ সৈতে কন্যা সোণাক্ষী সিন্‌হাৰ বিয়াৰ সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিলে শত্ৰুঘ্ন সিন্‌হাই। জুমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শত্ৰুঘ্ন সিনহাই দাবী কৰে যে তেওঁ কন্যাৰ বিয়াৰ পৰিকল্পনা সন্দৰ্ভত কাৰো লগত কথা পতা নাই। লগতে তেওঁ লগতে কয় যে যেতিয়াই দম্পতীহালে বিয়াৰ বিষয়ে অৱগত কৰিব তেতিয়াই তেওঁ আৰু তেওঁৰ পত্নীয়ে দম্পতীহালক আশীৰ্বাদ দিব৷উল্লেখ্য যে ২৩ জুনত মুম্বাইত বিবাহপাশত আবদ্ধ হ’ব এই দম্পতীহাল।

জুমৰ সৈতে হোৱা সাক্ষাৎকাৰত অভিনেতা তথা ৰাজনীতিবিদজনে এই কথাও বুজাই দিলে যে তেওঁৰ কন্যাই নিজৰ সিদ্ধান্ত নিজে লোৱাৰ অধিকাৰ আছে। শত্ৰুঘ্ন সিন্‌হাই পুনৰ কয় যে তেওঁ বিয়াৰ বিষয়ে অৱগত হ’বলৈ অপেক্ষা কৰি আছে।

ইণ্ডিয়া টুডে ডট ইনৰ এক প্ৰতিবেদন অনুসৰি বিয়াৰ বাবে ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যসকললৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে। লগতে ‘হীৰমণ্ডী’ৰ সমগ্ৰ কাষ্টকো আমন্ত্ৰণ জনোৱা হৈছে।বিয়াৰ নিমন্ত্ৰণী পত্ৰখন আলোচনীৰ কভাৰৰ দৰে ডিজাইন কৰা হৈছে আৰু লিখাটোত লিখা আছে – ‘উৰাবাতৰিবোৰ সঁচা’।

স্মৰ্তব্য যে, সোণাক্ষীক শেষবাৰৰ বাবে দেখা গৈছিল সঞ্জয় লীলা ভাঞ্চালীৰ ৱেব ছিৰিজ ‘হীৰমণ্ডী’ত। বৰ্তমান এই শ্ব’টো নেটফ্লিক্সত ষ্ট্ৰীমিং হৈ আছে।