NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছৰ আতংক; স্পেইন আৰু ফ্ৰান্সত জৰুৰীকালীন নিষেধাজ্ঞাৰ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 15, 2020 9:29 am
_111263590_060637102

ক’ৰ’না ভাইৰাছে বিশ্বৰ বিভিন্ন প্ৰান্তত মাৰাত্মক ৰূপ ধাৰণ কৰাৰ সময়তে ইউৰোপৰ দুই বৃহৎ  দেশ স্পেইন আৰু ফ্ৰান্সে দেশ দুখনত জৰুৰীকালীন নিষেধাজ্ঞাৰ ঘোষণা কৰিছে।

স্পেইনত নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু ঔষধ ক্ৰয়ৰ বাদে অন্যান্য সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে।

দেশখনত ইতিমধ্য ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ ১৯১ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে ৬,৩০০ লোক এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

দেশখনৰ প্ৰধান মন্ত্ৰী পেড্ৰ’ চান্সেজৰ পত্নী বেগ’না গ’মেজো এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা  আক্ৰান্ত হৈছে।

ইফালে ফ্ৰান্সত বৰ্তমানলৈকে ৯১ জন লোকৰ এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে। ফ্ৰান্সত কাফে, ৰেষ্টোৰেন্ট, চিনেমা হল, দোকান মল আদি বন্ধ কৰা হৈছে।

ইটালীত এই মুহূৰ্তলৈকে ক’ৰ’না ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১,৪৪০ জন।

বিশ্ব স্বাস্থ্য সন্থা(WHO)ই ইউৰোপক পাণ্ডেমিক অভিকেন্দ্ৰৰূপে ঘোষণা কৰিছে।