NORTHEAST NOW (Assamese)
অসম

মৰ্মান্তিক! দিল্লীত ৰঙৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ কমেও ১১ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 16, 2024 8:59 am

দিল্লীৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা  সংঘটিত হৈছে। এই অগ্নিকাণ্ডত কমেও ১১জন লোকৰ মৃত্যু হয়। এই ঘটনাত আৰক্ষীকে ধৰি আহত হৈছে কমেও চাৰিজন লোক। কেইবাজনো লোক সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে। প্ৰায় চাৰে তিনি ঘণ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।

জানিব পৰা মতে, দিল্লীৰ আলিপুৰ অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫:৩০ বজাত এটা ৰং কাৰখানাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। লগে লগে অগ্নিনিৰ্বাপক বাহিনীয়ে ছয়খন বাহন লৈ সেই স্থানত উপস্থিত হয়। প্ৰায় চাৰে তিনি ঘণ্টা ধৰি জুই নিৰ্বাপনৰ প্ৰয়াস কৰা হয়। নিশা প্ৰায় ৯ বজাত জুই নিয়ন্ত্ৰণলৈ অনা হয়।

লগতে পঢ়কঃ নিৰ্বাচনী বণ্ডৰ জৰিয়তে দলসমূহৰ পুঁজিলৈ আহিল ১৬ হাজাৰ কোটি; কিমান পালে বিজেপিয়ে?

কিন্তু সেই সময়লৈকে ১১ জন লোক জীৱন্তে জ্বলি ছাই হৈ গৈছিল। জুই নিৰ্বাপন কৰাৰ পিছত তেওঁলোকৰ জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হয়। তাৰ লগতে চাৰিজন আহত লোকক উদ্ধাৰ কৰা হয়। তেওঁলোক সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

অৱশ্যে এতিয়াও কেইবাজনো লোকৰ সন্ধান পোৱা নাই বুলি সূত্ৰই প্ৰকাশ কৰিছে। অগ্নিনিৰ্বাপক বাহিনীয়ে তেওঁলোকক বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে। জানিব পৰা মতে আহতসকলৰ ভিতৰত এজন আৰক্ষীও আছে।

দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক অতুল গাৰ্গে জানিবলৈ দিয়া মতে, বিস্ফোৰণৰ লগে লগে ৰং কাৰখানাটোত জুই লাগে। বহু ৰাসায়নিক পদাৰ্থ মজুত কৰি ৰখাৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ পিছতে ওচৰৰ এটা ঘৰ আৰু  নিচামুক্তি কেন্দ্ৰলৈ জুই বিয়পি পৰে।

লগতে পঢ়কঃ শীঘ্ৰেই উপলব্ধ হ’ব কেঞ্চাৰৰ ভেকচিনঃ ঘোষণা ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ

প্ৰথম অৱস্থাত ৰং কাৰখানাটোৰ ১১ জন শ্ৰমিক জ্বলি যোৱাৰ খবৰ পোৱা গৈছে। কিন্তু জ্বলা মৃতদেহ চিনাক্ত কৰাটো সম্ভৱ হোৱা নাই। কেনেদৰে অগ্নিকাণ্ডৰ  সূত্ৰপাত ঘটিল সম্প্ৰতি তাৰ তদন্ত অব্যাহত আছে।