NORTHEAST NOW (Assamese)
Popular Stories

শেহতীয়াকৈ চৰ্চাত থকা ডিপছিক কি?  কিয় কৃত্ৰিম বুদ্ধিমত্তাৰ খণ্ডত ব্যাঘাত জন্মাইছে এই উদ্ভাৱনে

Posted by: এন ই নাও নিউজ, গুৱাহাটী January 29, 2025 1:12 pm

চীনৰ ষ্টাৰ্টআপ ডিপচিকে নিজৰ শেহতীয়া মডেল ডিপছিক-ভি৩ আৰু ডিপছিক-আৰ১ মুকলি কৰি এআই উদ্যোগত ঢৌ তুলিছে। ডিপচিকে খৰচৰ এক অংশত অগ্ৰণী আমেৰিকাৰ এআই মডেলক প্ৰতিদ্বন্দ্বিতা কৰিছে বা অতিক্ৰম কৰিব বুলি কোৱা হৈছে। কোম্পানীটোৰ এই অগ্ৰগতিৰ ওপৰত এক গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে যে ডিপচিক-ভি৩ৰ প্ৰশিক্ষণ খৰচ ৬০ লাখ ডলাৰৰ কম, যিটো ইয়াৰ প্ৰতিদ্বন্দ্বীসকলতকৈ বহু কম। আনকি ডিপচিক-ভি৩ৰ দ্বাৰা চালিত ডিপছিকৰ এআই এচিষ্টেণ্টে আমেৰিকাৰ এপলৰ এপ ষ্ট’ৰত শীৰ্ষ ৰেটিং পোৱা বিনামূলীয়া এপ হিচাপে চেটজিপিটিকো অতিক্ৰম কৰি আমেৰিকাৰ টেক জায়ান্টৰ আধিপত্যক প্ৰত্যাহ্বান জনাইছে আৰু এনভিডিয়াৰ দৰে কোম্পানীসমূহৰ ষ্টকৰ মূল্য হ্ৰাস কৰিছে।

চীনত এআইৰ দ্ৰুত বিকাশ ঘটিছিল OpenAI ৰ ChatGPT মুক্তিৰ পাছত, চীনৰ কোম্পানীসমূহে নিজাকৈ AI মডেল তৈয়াৰ কৰিবলৈ লৰালৰি কৰিছিল। কিন্তু বিশেষকৈ আমেৰিকাৰ টেক ফাৰ্মৰ তুলনাত প্ৰাৰম্ভিক প্ৰচেষ্টা আশা কৰাতকৈ কম হৈছিল। ডিপছিকৰ উচ্চমানৰ, খৰচ-বহনক্ষম মডেল ছিলিকন ভেলীৰ উদ্যোগৰ ভিতৰৰ লোকসকলে ডিপছিক-ভি৩ আৰু ডিপছিক-আৰ১ মডেলৰ আকৰ্ষণীয় ক্ষমতাক স্বীকাৰ কৰিছে। DeepSeek ৰ মতে তেওঁলোকৰ R1 মডেল OpenAI ৰ মডেলতকৈ ২০ৰ পৰা ৫০ গুণ সস্তা, যাৰ ফলত ব্যৱসায়ৰ বাবে ডিপছিক অধিক আকৰ্ষণীয় বিকল্প।

এই সফলতাৰ পাছতো ডিপছিকৰ সাফল্যক লৈ সন্দেহৰ সৃষ্টি হৈছে। স্কেল এআইৰ চিইঅ আলেকজেণ্ডাৰ ৱাঙৰ দৰে কিছুমান উদ্যোগ বিশেষজ্ঞই কোম্পানীটোৱে এনভিডিয়া এইচ১০০ চিপ ব্যৱহাৰ কৰাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি অভিযোগ উত্থাপন কৰিছে যে ডিপচিকে চীনৰ কোম্পানীসমূহৰ বাবে উচ্চ কাৰ্যক্ষম চিপৰ ওপৰত ৰপ্তানি নিয়ন্ত্ৰণৰ নিষেধাজ্ঞা উলংঘা কৰিব পাৰে। ইয়াৰ উপৰিও বাৰ্নষ্টেইন বিশ্লেষকসকলে ডিপচিকৰ ৰিপৰ্ট কৰা প্ৰশিক্ষণ খৰচৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে, ইয়াৰ পৰা অনুমান কৰা হৈছে যে মডেলসমূহৰ জটিলতা আৰু ইয়াৰ ব্যাপক প্ৰশংসাৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীটোৱে দাবী কৰা ৫.৫৮ মিলিয়ন ডলাৰতকৈ প্ৰকৃত খৰচ যথেষ্ট বেছি হব পাৰে।

উল্লেখ্য যে, চীনৰ হেজ ফাণ্ড হাই-ফ্লাইয়াৰৰ সহ-প্ৰতিষ্ঠাপক লিয়াং ৱেনফেঙে প্ৰতিষ্ঠা কৰা ডিপচিকে চীনৰ ব্যৱসায়িক আৰু ৰাজনৈতিক দুয়োটা ক্ষেত্ৰতে দ্ৰুতগতিত মনোযোগ লাভ কৰিছে। ২০২৫ চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী লি কিয়াঙে আয়োজন কৰা আলোচনা চক্ৰত লিয়াঙে অংশগ্ৰহণ কৰাৰ পৰা অনুমান কৰিব পাৰি যে ডিপছিকৰ সফলতা বিদেশী প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু এআই আৰু অন্যান্য কৌশলগত উদ্যোগত চীনৰ স্বাৱলম্বীতা আগুৱাই নিয়াৰ বেইজিঙৰ লক্ষ্যৰ সৈতে মিল আছে। ডিপচিকৰ এই ক্ৰমবৰ্ধমান স্বীকৃতিয়ে এআই ক্ষেত্ৰত আমেৰিকাৰ সৈতে চীনৰ প্ৰতিযোগিতাৰ নতুন পৰ্যায়ৰ সংকেত দিব পাৰে।