NORTHEAST NOW (Assamese)

বাংলাদেশৰ ঢাকাত পৰিৱেশিত হ’ব অসমৰ সত্ৰীয়া নৃত্য

April 8, 2018 10:54 pm · এন ই নাও নিউজ

ব্যতিক্ৰম মাসডোৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু ফ্ৰেণ্ডছ অব বাংলাদেশেৰ সহযোগত বাংলাদেশৰ ৰাজধানী ঢাকাত পৰিৱেশিত হ’ব অসমৰ সত্ৰীয়া নৃত্য ।

অহা ১১-১৪ এপ্ৰিললৈকে চলিব লগীয়া ‘মিলনৰ ছন্দত প্ৰাণৰ আনন্দ’ শীৰ্ষক অনুষ্ঠাটোত পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামীৰ নেতৃত্বত অসমৰ পৰা এটা ৩০জনীয়া সত্ৰীয়া নৃত্যৰ দল যাব বুলি আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত ব্যতিক্ৰম মাসডোৰ সভাপতি সৌমেন ভাৰতীয়াই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ১১ এপ্ৰিলত ‘মিলনৰ ছন্দত প্ৰাণৰ আনন্দ’ অনুষ্ঠানৰ উদ্বোধন কৰিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাই। সেই অনুষ্ঠানত কবিতা আবৃত্তি কৰিব বাংলাদেশৰ সাংস্কৃতি মন্ত্ৰী আশাদুজ্জামান নুৰে। লগতে উপস্থিত থাকিব আনন্দ পুৰস্কাৰ প্ৰাপ্ত এমিৰেটাচ অধ্যাপক আনিচুজ জামান।

সেইদিনাই দ্বিতীয় পৰ্বত থাকিব অসমৰ ‘চণ্ডালিকা’ গোষ্ঠীৰ অনুষ্ঠান। এই প্ৰসঙ্গত পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামী দেৱে কয়, ‘সত্ৰীয়া নৃত্য আমাৰ ৰাজ্যৰ প্ৰধান নৃত্যশৈলী। অনেক শিল্পী এতিয়া সত্ৰীয়া নৃত্য শিকাৰ বাবে আগ্ৰহী। বাংলাদেশটো সত্ৰীয়া নৃত্য জনপ্ৰিয় হ’ব বুলি আমি আশা কৰিছো।’

Related News