NORTHEAST NOW (Assamese)
অসম

বাক্সা জিলাৰ কলবাৰীত অস্ত্ৰ-শস্ত্ৰসহ চাৰিজন এন ডি এফ বি (স)ৰ সদস্যক আটক সেনা-আৰক্ষীৰ

Posted by: শশাংক তালুকদাৰ April 27, 2018 10:32 pm

আজি পুৱতি নিশা সেনাৰ ১৫ জাট ৰেজিমেণ্ট আৰু শালবাৰী আৰক্ষীৰ যুটীয়া অভিযান চলাই বাক্সা জিলাৰ শালবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কলবাৰীত অস্ত্ৰ আৰু বিস্ফোৰকসহ চাৰিজন সক্ৰিয় এন ডি এফ বি (স)ৰ সদস্য আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে নিশাৰ সুযোগ লৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দিশৰ পৰা ৰাজপথেৰে খোজকাঢ়ি আহি থকা অৱস্থাতে এন ডি এফ বিৰ সদস্যকেইজন যুটীয়া অভিযানকাৰী দলটোৱে আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন এন ডি এফ বিৰ সদস্যকেইজন আৰেংগা খাম্ফা বড়ো(২৪)ওৰফে বি বৰাই, দীপক বসুমতাৰী(২৪), লোহিত গয়াৰী(১৯), বিক্ৰম ব্ৰহ্ম(২৩) বুৰি আৰক্ষীয়ে চিনাক্ত কৰিছে। ইয়াৰে আৰেংগা খাম্ফা বড়ো ম্যানমাৰৰ এনডিএফবি(স)ৰ প্ৰশিক্ষণ শিবিৰৰ কমাণ্ডাৰ বুলি জানিব পৰা গৈছে।

সেনা-আৰক্ষীয়ে ধৃত এন ডি এফ বি (স)ৰ সদস্য কেইজনৰপৰা ৭ ৰাউণ্ড গুলী, ৩ টা হেণ্ড বোম্ব, হস্তনিৰ্মিত পিষ্টল এটা, আই ই ডি ৩ কিঃগ্ৰাঃ, এনডিএফবি(স)ৰ পেড, বেটছ ষ্টাৰ ৪ টা, এটা মোবাইল ফোন, ৬ খন চিম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয়।

সম্প্ৰতি শালবাৰী থানাত অধিক তথ্যৰ বাবে চাৰিজন সদস্যক সেনা- আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।