NORTHEAST NOW (Assamese)
অসম

সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত অসমৰ ১৩জন উত্তীৰ্ণ; আৰক্ষী সঞ্চালক প্ৰধান, গল্পকাৰ কুল শইকীয়াৰ পুত্ৰও উত্তীৰ্ণ

Posted by: এন ই নাও নিউজ April 27, 2018 10:44 pm
UPSC_ASSAM

সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা নোপোৱা বা কম সফল বুলি থকা দুৰ্নাম একাষৰীয়া কৰি ৰাজ্যখনৰ ১৩জন যুৱক-যুৱতীয়ে আজি ফল ঘোষিত সৰ্বভাৰতীয় অসামৰিক সেৱাৰ ২০১৭ চনৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হয়।

Manoj
৭৯৫নং স্থান প্ৰাপ্ত মনোজ স্বৰ্গীয়াৰী।

কঠিন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ৰাজ্যখনৰ আন বহুতৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ’ব পৰা এইসকলৰ বহুকেইজনে বৰ্তমান কেইবাটাও ভিন ভিন বিভাগত প্ৰশসানিক বিষয়া হিচাপে কাম কৰি আছে। আজি ঘোষিত ফলাফলত উত্তীৰ্ণসকল হ’ল- বিপাশা কলিতা (৪১ নং স্থান), স্বপ্ননীল পাল (৬৪নং স্থান), মৃগাক্ষী ডেকা (১২৬নং স্থান), আৰণ্যক শইকীয়া (১৪৮নং স্থান), পূৰ্ণ বৰা (১৪৯নং স্থান),  নাহৰ প্ৰণয় প্ৰকাশ (১৯৯নং),মনালিকা বৰগোহাঁই (২৩০নং স্থান), মামনি দলে (৫৯৩নং স্থান), শুভজিত ভূঞা (৬৪৫নং স্থান),  পাৰ্থপ্ৰতিম দাস (৭৩৮নং স্থান), যশোধৰা দাস (৮৯৪নং স্থান), মনোজ স্বৰ্গীয়াৰী (৭৯৫নং স্থান),   দ্বীপজয় দাস (৮৫৫নং স্থান।

সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত ৪১ নং স্থান পোৱা বিপাশা কলিতা।

ৰাজ্যখনৰ ভিতৰত শীৰ্ষস্থানত থকা বিপাশা কলিতা আৰু পাৰ্থপ্ৰতিম দাসে (৭৩৮নং স্থান) যোৱা বছৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাতো উত্তীৰ্ণ হৈছিল। গুৱাহাটীৰ বিপাশাই বৰ্তমান নগাৱঁত অতিৰিক্ত সহ আয়ুক্ত হিচাপে আৰু যোৰহাটৰ পাৰ্থপ্ৰতিমে বৰ্তমান শিৱসাগৰত উপ-আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ আছে।

মাক-দেউতাকৰ সৈতে মৃগাক্ষী ডেকা।

পৰিয়ালৰ সূত্ৰই নৰ্থ-ইষ্ট নাওক জনোৱা মতে, পাৰ্থপ্ৰতিমে প্ৰথম প্ৰয়াসতে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ পূৰ্বে এক্সিছ বেংকতো চাকৰি কৰিছিল। “আমি খবৰটো শুনি অতিশয় আনন্দিত। এইটো আমাৰ বাবে গৌৰৱৰ মুহূৰ্ত।” পাৰ্থপ্ৰতিমৰ দেউতাকে মিটু দাসে কয়।

আনহাতে ১৪৮ স্থানপ্ৰাপ্ত আৰণ্যক শইকীয়া হ’ল ৰাজ্যখনৰ নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান তথা সুলেখক, গল্পকাৰ কুল শইকীয়াৰ পুতেক।

উল্লেখযোগ্য যে মুঠ ৯৮০টা পদৰ বাবে কেন্দ্ৰীয় অসামৰিক সেৱাৰ পৰীক্ষা পতা হৈছিল। পৰীক্ষা হৈছিল যোৱা বছৰৰ ২৮ অক্টোবৰত। এই পৰীক্ষাত উত্তীৰ্ণসকলৰ পৰা ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় বৈদেশিক সেৱা, ভাৰতীয় আৰক্ষী সেৱা আৰু কেন্দ্ৰীয় সেৱা (গ্ৰুপ A আৰু গ্ৰুপ B)কে ধৰি অন্যান্য কেন্দ্ৰীয় চৰকাৰৰ বিভাগত নিযুক্তি দিয়া হ’ব। উত্তীৰ্ণসকলৰ ভিতৰত শীৰ্ষস্থান লাভ কৰে হাইদৰাবাদৰ অনুদীপ দুৰিছেট্টীয়ে।