NORTHEAST NOW (Assamese)
অসম

বিত্তীয় বিষয়ত সোণোৱাল চৰকাৰে প্ৰথমৰ পৰাই আভুৱা ভাঁৰি আহিছে অসমৰ ৰাইজক : তৰুণ গগৈ

Posted by: কল্পজ্যোতি শইকীয়া April 27, 2018 11:01 pm
Tarun-Gogoi

বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক মাহী আইৰ চকুৰে চাইছে আৰু ‘মই সুখী যে সৰ্বানন্দ সোণোৱালে আওপকীয়াকৈ এই কথাটোৱেই ক’ব বিচাৰিলে’ বুলি আজি ২৭ এপ্ৰিলত এক সংবাদ মেলযোগে মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। অসমৰ মুখ্য সচিবে অসমৰ ৮৪০০ কোটি টকা লোকচান হৈছে বুলি কোৱা প্ৰসংগত তেওঁ এই মন্তব্য কৰে।

‘প্ৰথমতে অসমৰ বিত্ত মন্ত্ৰীয়ে কৈছিল ১০ হাজাৰ কোটি টকা ধাৰৰ বোজা লোৱা বুলি, কিন্তু পিছতটো ওলাই পৰিল ১০ হাজাৰ কোটি টকা জমাহে আছে’ বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে এই চৰকাৰখনে প্ৰথম দিনাৰ পৰাই অসমৰ ৰাইজক ফাঁকি কথা কৈ আভুৱা ভাঁৰি আহিছে।

অসমৰ বিশেষ ৰাজ্যৰ মৰ্য্যাদা নোহোৱা কৰাক লৈ গগৈয়ে কয় যে চৰকাৰে পুনৰ সেইটো প্ৰদান কৰিবৰ বাবে ক’ব লাগিছিল।

যোৱা বৃহস্পতিবাৰে হৈ যোৱা ১৫ সংখ্যক বিত্তীয় আয়োগ সন্দৰ্ভত গগৈয়ে কয় ’১৫ সংখ্যক বিত্তীয় আয়োগে কৈছিল যে স্বাস্থ্য, আন্তঃগাঁথনি, কৃষি আৰু উদ্যোগমুখী কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। ইয়াৰ অৰ্থ কি, মানে অসম পিছুৱাই আছে।’

‘আমি যেতিয়া শাসনলৈ আহিছিলো ২০০১ চনত তেতিয়া জনমূৰি আয় ১৩,০৫৯ টকা আছিল। যদিও বৰ্তমান ৬২,৬২০ টকা। কিন্তু ভাৰতত  ১,০৩,৮৭০ টকা’ বুলিও গগৈয়ে উল্লেখ কৰে।

‘কালি বিত্তীয় আয়োগক যিখন স্মাৰক পত্ৰ অসম চৰকাৰে দিছে, মই ভাবো অসম চৰকাৰে য’ত আটাইতকৈ বেছি ফ’কাচ কৰিব লাগিছিল তাত ফ’কাচ কৰা নাই’ বুলি মন্তব্য কৰি গগৈয়ে কয় যে আটাইতকৈ বেছি গুৰুত্ব দিব লাগিছিল গৰাখহনীয়াৰ ওপৰত।

গগৈয়ে লগতে কয় যে গৰাখহনীয়াই মাটি নাইকিয়া কৰি দিয়ে, উপাৰ্জন নাইকিয়া কৰি দিয়ে, খেতি নাইকিয়া কৰি দিয়ে। সেই হিচাপত বছৰে বছৰে প্ৰায় ৮০০০ হেক্টৰ মাটি ধ্বংস হয়।