NORTHEAST NOW (Assamese)

‘বাক আৰু শ্ৰৱণ বিসংগতিৰ সংকেট প্ৰণালীকৰণ’ বিষয়ক শীতকালীন বিদ্যালয় আয়োজন আই আই টি গুৱাহাটীৰ

January 19, 2018 6:27 pm · এন ই নাও নিউজ

আই আই টি গুৱাহাটীয়ে স্পীচ্চ আৰু অ’ডিঅ’ প্ৰ’চেচিঙৰ এক শীতকালীন বিদ্যালয় আৰম্ভ কৰিছে। ছাত্ৰ, গৱেষক আৰু বৃত্তিজীৱীসকলৰ বাবে ই হ’ব এই ক্ষেত্ৰৰ জটিল বিষয়সমূহত তেওঁলোকৰ দখল উন্নীতকৰণৰ এক মঞ্চ।

এই শীতকালীন বিদ্যালয়ত এক নিৰ্বাচিত বিষয় আৰু সেই বিষয়টোৰ পাঠ থাকিব। আই আই টিৰ ভাষাবিজ্ঞান আৰু প্ৰযুক্তি কেন্দ্ৰত ১৯ ৰপৰা ২২ জানুৱাৰিলৈকে এই শীতকালীন বিদ্যালয়খন অনুষ্ঠিত হ’ব। এই বিদ্যালয়ৰ বিষয় হ’ব বাক আৰু শ্ৰৱণ বিসংগতিৰ সংকেট প্ৰণালীকৰণ (signal processing for speech and hearing disorders)।

এক সফল শীতকালীন বিদ্যালয় আয়োজন কৰা আই আই টি গুৱাহাটী হ’ব ভাৰতৰ ত্ৰয়োদশখন আই আই টি।

Related News