NORTHEAST NOW (Assamese)

বাণিজ্যিক বিমানৰ চালকৰ আসনত আকৌ এগৰাকী অসমীয়া মহিলা ‘অভিষ্কা বৰুৱা’

August 10, 2018 12:32 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

বাণিজ্যিক বিমান উৰুৱাবলৈ সাজু অসমৰ আন এগৰাকী মহিলা বিমান চালক অভিষ্কা বৰুৱা । প্ৰথমবাৰলৈ অভিষ্কাই চলাব দিল্লীৰ পৰা ডুবাইৰ আবু ধাবিলৈ যাবলগীয়া যাত্ৰীবাহী বিমান। আৰু ইয়াৰ পাছতে অসমীয়া মহিলা হিচাপে অন্য এক ঐতিহাসিক কৃতিত্বৰ অধিকাৰী হ’ব অভিষ্কা।

উল্লেখযোগ্য যে ২০১৫ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ দৌলতৰাম মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা অভিষ্কাই মনতে পুহি ৰখা বিমান উৰুওৱাৰ সপোন পূৰণ কৰিবলৈ উৰা মাৰিছিল আমেৰিকালৈ।

আমেৰিকালৈ গৈ অভিষ্কাই ফ্লৰিডাৰ বিখ্যাত পাইলট ট্ৰেইনিং চেণ্টাৰত নিজৰ সপোন বাস্তৱত ৰূপ দিয়াৰ অৰ্থে প্ৰায় ১০ মাহ পাইলটৰ প্ৰশিক্ষণ লৈছিল।

আমেৰিকাত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছতে অভিষ্কা নিয়োজিত হৈছিল জেট এয়াৰৱে’জত। দীৰ্ঘদিনীয়া সপোন বাস্তৱত পৰিগণিত হোৱাৰ পূৰ্বে অভিষ্কাই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কয় যে মোৰ স্বামীয়ে এই ক্ষেত্ৰখনত যোগদান কৰাৰ বাবে উৎসাহ আৰু যথেষ্ট প্ৰেৰণা যোগাইছে।

উল্লেখযোগ্য যে অসমৰ প্ৰথমগৰাকী মহিলা বিমান পাইলট হৈছে ধীৰা চলিহা আৰু প্ৰথম বাণিজ্যিক বিমান উৰণৰ লাইচেঞ্চ পোৱা উত্তৰ-পূবৰ মহিলা পাইলট হ’ল পাপৰি চৌধুৰী।

মনকৰিবলগীয়া যে অসমৰ পৰা আন এগৰাকী মহিলা, বাণিজ্যিক বিমান চালক হ’বলৈ গৈ থকা অভিষ্কা বৰুৱাৰ স্বামীও এজন বিমান চালক।

Related News