NORTHEAST NOW (Assamese)
অসম

বাণিজ্য শাখাত দশমস্থান দখল মঙলদৈ ব্ৰিলিয়াণ্ট একাডেমিৰ পল্লবী দাসৰ

Posted by: ময়ূখ গোস্বামী May 31, 2018 6:36 pm
Pallabi Das , Rank Tenth in Commerce

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত দৰং জিলাৰ মঙলদৈ ব্ৰিলিয়াণ্ট একাডেমিৰ পল্লবী দাসে বাণিজ্য শাখাত দশম স্থান দখল কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে মঙলদৈ চহৰৰ ৪ নম্বৰ ৱাৰ্ডৰ নিবাসী সমীৰন চন্দ্ৰ দাস আৰু ৰেবা কৰ্মকাৰ দাসৰ কন্যা পল্লবীয়ে গোটেইকেইটা বিষয়তে লেটাৰ নম্বৰেৰে সৰ্বমুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৫৬ নম্বৰ লাভ কৰি দশম স্থান অধিকাৰ কৰে।

পল্লবীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মত প্ৰকাশ কৰি তেওঁৰ এই সাফল্যৰ বাবে শিক্ষাগুৰু আৰু পিতৃ-মাতৃক সম্পূৰ্ণ কৃতিত্ব প্ৰদান কৰে। মনত চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ সপোন পুহি ৰখা পল্লবীয়ে উচ্চ শিক্ষাৰ বাবে গুৱাহাটী কমাৰ্ছ কলেজত নামভৰ্তী কৰিব।

মন কৰিবলগীয়া যে উত্তীৰ্ণ হাৰৰ দিশৰ পৰা দৰং জিলাই গোটেই কেইটা শাখাতে উৎসাহজনক প্ৰদৰ্শন কৰা দেখা যায়। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে প্ৰকাশ কৰা তথ্য অনুসৰি কলা শাখাত দৰং জিলাই মুঠ ৮৫.৯৮ শতাংশৰ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থান দখল কৰে। বিজ্ঞান শাখাতো জিলাখনে ৯১.২৪ শতাংশৰে দ্বিতীয় স্থান আৰু বাণিজ্য শাখাত ৯০.১৭ শতাংশেৰে অসমৰ ভিতৰতে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়।