NORTHEAST NOW (Assamese)
অসম

বানৰ সময়ত বনৰীয়া জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত ১৪৪ ধাৰা জাৰি

Posted by: উত্তম শইকীয়া June 19, 2018 7:21 pm
NH 37 at Kaziranga

বানৰ সময়ত বনৰীয়া জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত বোকাখাতৰ মহকুমাধিপতিয়ে আজিৰে পৰা ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে ৷

আজি জাৰি কৰা এক বিভাগীয় নিৰ্দেশ অনুসৰী বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে এই ধাৰা জাৰি কৰি কয় যে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত এই ধাৰা বলৱৎ থাকিব।

উল্লেখযোগ্য যে বানপানীৰ সময়ত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া জীৱ-জন্তুয়ে নিৰাপদ আশ্ৰয় বিচাৰি প্ৰতি বছৰে ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰমি দক্ষিণ দিশত থকা কাৰ্বি আংলং জিলাৰ পাহাৰলৈ গতি কৰে ৷ এই সময়তে ৰাষ্ট্ৰীয় পথেৰে যোৱা যান-বাহনৰ খুন্দাত প্ৰতি বছৰে বহু জীৱ-জন্তু নিহত হব লগীয়া হয় ৷

যাৰ পৰিপ্ৰেক্ষিতত বানপানীৰ সময়ছোৱাত ৩৭ ৰাষ্ট্ৰীয় পথেৰে পাৰ হোৱা বনৰীয়া জীৱ-জন্তুৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবেই আজি বোকাখাতৰ মহকুমাধিপতিয়ে ভাৰতীয় দণ্ডাবিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে ৷