NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠৰ গাড়ী জব্দ বন বিভাগৰ

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা July 5, 2021 10:10 am
wooden truck seized

কলিয়াবৰৰ খলিহামাৰীত নগাঁও আঞ্চলিক বন সুৰক্ষা বাহিনীয়ে অভিযান চলাই মূল্যবান গছৰ কুণ্ডা সহ(এ এছ ০২ ই ৭৭৮০) নম্বৰৰ এখন ডি আই গাড়ী জব্দ কৰে৷

জানিব পৰা অনুসৰি, আমনিৰ পৰা কোনো গন্তব্য স্থানলৈ গৈ থকা ডি আই গাড়ীখনত মাকৈ শালসহ পাহাৰীয়া বিভিন্ন গছৰ কুণ্ডা আছিল।

কুণ্ডাখিনিৰ মূল্য প্ৰায় লক্ষাধিক টকা হব বুলি বন বিভাগে জানিবলৈ দিছে ৷

অতিৰিক্ত সুৰক্ষা বাহিনীয়ে বিশেষ সূত্ৰৰ পম খেদি জব্দ কৰা গাড়ী সহ কাঠখিনি বৰ্তমান জখলাবন্ধা খণ্ড বন বিষয়াৰ কাৰ্যালয়ত আছে।

উল্লেখ্য যে¸ নগাঁও-কাৰ্বি আংলং জিলাৰ সীমান্তবৰ্তী সংৰক্ষিত বনাঞ্চলসমূহত বনজ সম্পদসমূহ কাটি ধ্বংস কৰিছে এক অসাধু চক্ৰই।