NORTHEAST NOW (Assamese)
অসম

দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ ৪০হাজাৰৰ তললৈ নামিল; ২৪ ঘন্টাত মৃত্যু ৭২৩জনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 5, 2021 10:49 am
corona-india-1584429005

কৰ’নাৰ ডেল্টা প্ৰজাতিৰ আতংক আৰু আহিবলগীয়া তৃতীয় ঢৌৰ আশংকাৰ মাজতে দেশত দৈনিক সংক্ৰমণৰ হাৰ ক্ৰমাগতভাৱে নিম্নগামী হোৱাটোৱে স্বস্তি কঢ়িয়াই আনিছে।

একেৰাহে ৭দিন দৈনিক সংক্ৰমণৰ ঘটনা ৫০হাজাৰৰ তলত থকাৰ পাছত যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা ৪০ হাজাৰৰ তললৈ হ্ৰাস পাইছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৩৯হাজাৰ ৭৯৬ জন লোক। দেওবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৪৩হাজাৰ ৭১ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩কোটি ৫লাখ ৮৫ হাজাৰ ২২৯ জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৭২৩জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ২হাজাৰ ৭২৮জন।

বৰ্তমান দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৪লাখ ৮২হাজাৰতকৈ সামান্য বেছি।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৪২ হাজাৰ ৯৫২জন।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ২ কোটি ৯৭লাখ ৪৩০জন।

দেশত যোৱা ২৪ ঘন্টাত ১৫ লাখ ২২হাজাৰতকৈয়ো অধিক লোকৰ কৰ’না পৰীক্ষা কৰা হৈছে।

বৰ্তমানলৈ দেশত ৩৫কোটি ২৮লাখ ৯২হাজাৰ ৪৬ জনক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

আনহাতে, দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰম্ভ হোৱাৰ পূৰ্বে ডেল্টা প্লাছ প্ৰজাতিৰ সংক্ৰমণে উদ্বিগ্নতা বৃদ্ধি কৰি ৰাখিছে।