NORTHEAST NOW (Assamese)
অসম

বান-খহনীয়া সমস্যা সমাধানৰ দাবীত গণ আন্দোলনৰ হুংকাৰ মৰিগাঁও ছাত্ৰ সন্থাৰ

Posted by: এন ই নাও নিউজ April 9, 2018 12:00 pm
marigaon assu

মৰিগাঁও জিলাৰ জ্বলন্ত সমস্যা হিচাপে চিহ্নিত হোৱা বান-খহনীয়া সমস্যা ৰ শীঘ্ৰে স্থায়ী সমাধানৰ দাবীত সদৌ মৰিগাওঁ  জিলা ছাত্ৰ সন্থাই দেওবাৰে জিলাখনৰ ভূৰাগাঁৱৰ ৰথখোলা দুৰ্গা মন্দিৰ প্ৰাংগণত এখন প্ৰতিবাদী নাগৰিক সভা অনুষ্ঠিত কৰে।

মৰিগাঁও জিলা ছাত্ৰ-সন্থাৰ সভাপতি হিমাংশু মহন্তৰ সভাপতিত্বত অনুষ্ঠিত উক্ত নাগৰিক সভাত বানত ক্ষতিগ্ৰস্ত আৰু ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত সৰ্বহাৰা হৈ পৰা লোকসকলে নিজৰ মনৰ ভাব ব্যক্ত কৰি আৱেগিক হৈ পৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী নাগৰিক সভাত বান আৰু খহনীয়াত সৰ্বহাৰা হোৱা লোকসকলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী নাগৰিক সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নৱ কুমাৰ নাথ আৰু উৎপল শৰ্মা উপস্থিত থাকে।

কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দুগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত কয় যে জিলাখনৰ নৈপৰীয়া লোকসকলে খহনীয়াত ঘৰ-মাটি  হেৰুৱাই ৰাজহুৱা শ্মশান, নদীৰ মথাউৰি, পথৰ দাঁতিত থাকিবলৈ বাধ্য হৈছে, এনে সময়ত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে জাতি-মাটি-ভেটিৰ নামত ফটা ঢোল বজাই থকাটো বাৰুকৈয়ে লজ্জাজনক।

মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ভূৰাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত কৰা এই সভাত নিখিল বড়ো ছাত্ৰ সন্থাৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বিশ্ব বড়ো, সম্পাদক নখোৱে অংশগ্ৰহণ কৰি আছুৰ আন্দোলনলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে। সভাত জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথসহ বহুকেইজন বিষয়ববীয়া আৰু বহুকেইখন আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।

আনহাতে, বান-খহনীয়া সমস্যা শীঘ্ৰে সমাধানৰ দাবীত এপ্ৰিল মাহৰ শেষ সপ্তাহত ১০ ঘণ্টীয়া গণ অনশন, মে’ মাহৰ দ্বিতীয় সপ্তাহত প্ৰতিবাদী মানৱ শৃংখল, প্ৰধানমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ আৰু তাৰ পিছতেই এক বৃহৎ জোঁৰ সমদল কাৰ্যসূচী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে জিলা ছাত্ৰ সন্থাই।