NORTHEAST NOW (Assamese)
অসম

মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য; গৃহস্থই ১৫ দিন পাছত ঘৰলৈ আহি দেখিলে উৱলি যোৱা অচিনাক্ত মৃতদেহ

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ February 5, 2021 7:59 pm
Screenshot_20210205_192158

মাৰ্ঘেৰিটা বৰগোলাইত আজি এটা মৃতদেহ উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বৰগোলাইৰ মহেশ্বৰ বৰুৱা নামৰ ব্যক্তিৰ জনৰ গৃহৰ বাৰাণ্ডাত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় এই চাঞ্চল্য।

গৃহটোৰ গৃহস্থ প্ৰায় ১৫দিন ধৰি ঘৰত নাছিল। কালি নিশা ঘৰলৈ ঘুৰি আহি প্ৰত্যক্ষ কৰে মৃতদেহটো।

চিপ লৈ থকা অৱস্থাত মৃতদেহটোৰ মুখাংশ উৱলি যোৱাত মৃতদেহটো কাৰ বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।

এয়া হত্যা নে আত্মাহত্যা এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও আজি পুৱাৰ ভাগত ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।