NORTHEAST NOW (Assamese)
অসম

আলফা-স্বাঃলৈ বিপদ সংকেত? প্ৰথমবাৰৰ বাবে স্বাক্ষৰ ভাৰত-ম্যানমাৰ প্ৰতিৰক্ষা চুক্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 30, 2019 7:10 pm
Joint tactical Exercise (training) of PLA (Manipur), CORCOM and United Liberation Front of Asom Independent ULFA (I) Indo-Myanmar defence agreement: Bane for ULFA-I and NE rebels?

প্ৰথমবাৰলৈ ভাৰত-ম্যানমাৰৰ মাজত এক প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰিত হৈছে; আৰু এই বুজাবুজি চুবুৰীয়া দেশখনত বাহৰ পাতি থকা আলফা-স্বাঃকে ধৰি উত্তৰ-পূবৰ বিদ্ৰোহীৰ বাবে প্ৰতিকূল হ’ব বুলি বিশ্লেষকসকলে ধাৰণা কৰিছে।

ভাৰত ভ্ৰমণৰত বাৰ্মিজ সেনা (তাতমাদাও) মুৰব্বী ছীনিয়ৰ জেনেৰেল মিং আং লাইঙে সোমবাৰে নতুন দিল্লীত এই চুক্তিত স্বাক্ষৰ কৰিছে।

বিস্তৃত আলোচনাৰ পিছত ভাৰতৰ প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী শ্ৰীপদ নায়কৰ সৈতে তাতমাদাওৰ মুৰব্বীজনৰ সোমবাৰৰ বৈঠকত এই চুক্তি স্বাক্ষৰিত হৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে, ম্যানমাৰৰ আন কোনো চুবুৰীয়া দেশৰ সৈতে এনে প্ৰতিৰক্ষামূলক চুক্তি নাই।

বিশ্লেষকসকলৰ মতে, এই চুক্তিয়ে ভাৰতীয় সেনা আৰু তাতমাদাওৰ মাজত চোৰাংচোৱা-নিৰ্ভৰ যুটীয়া অভিযান আৰু সমন্বিত সীমান্ত পহৰাৰ বাট মুকলি কৰিলে।

চলিত বছৰৰ আগভাগত তাতমাদাৱে ম্যানমাৰৰ চাগাইং অঞ্চলৰ তা গাস্থিত এন এচ চি এন-কেৰ মুখ্য কাৰ্য্যালয় দখল কৰিছিল।

indo-myanmar-defence-pact-750x375
ভাৰতৰ প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰীৰ সৈতে নতুন দিল্লীত তাতমাদাও মুৰব্বী।

তাতমাদাওৰ সেই অভিযানে আলফা-স্বাঃকে ধৰি উত্তৰ-পূবৰ আন বহু বিদ্ৰোহীক অসুবিধাত পেলোৱাৰ কথা সেনাপ্ৰধান পৰেশ বৰুৱাই ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল।

সম্পূৰ্ণ সমৰসজ্জাৰে তাতমাদাৱে চলোৱা অভিযানটোত আলফা-স্বাঃৰ কেইবাজনো সৈনিকেও প্ৰাণ হেৰুওৱা বুলি বাতৰি প্ৰকাশ পাইছে।

খবৰ মতে, সংগঠনটোৰ আগশাৰীৰ নেতাকে ধৰি বহুকেইগৰাকী সদস্যই অসমলৈ পলাই আহি আত্মসমৰ্পণ কৰিছে।

ম্যানমাৰৰ সৈতে যোৱা বাৰ বছৰে বুজাবুজি চুক্তিত থকা নাগা বিদ্ৰোহী দলটোৰ বিৰুদ্ধে তাতমাদাওৰ সেই অভিযান উত্তৰ-পূবৰ বিদ্ৰোহীৰ বাবে একৰকম আকস্মিক আছিল।

বিপৰীতে, ভাৰতীয় সেনায়ো ভাৰতৰ ভূমিত বাৰ্মিজ বিদ্ৰোহী আৰাকান আৰ্মিৰ কোনো ঘাটি নথকাৰ নিশ্চিতি ম্যানমাৰক প্ৰদান কৰিছে।

মিজোৰামত আৰাকান বিদ্ৰোহীৰ সন্ধানত ভাৰতীয় সেনাই শেহতীয়াকৈ “অপাৰে’চন চানৰাইজ” চলাইছিল।

তাতমাদাওৰ সৈতে সমন্বিতভাৱে চলোৱা অভিযানত ভাৰতীয় সেনাই মিজোৰামৰ দিশে আৰাকান আৰ্মিৰ পলায়নৰ পথ বন্ধ কৰিছিল।

চুক্তি স্বাক্ষৰৰ পূৰ্বে অনুষ্ঠিত বহুতৰপীয়া আলোচনাত যুটীয়া নিৰীক্ষণৰ অধীনত সমুদ্ৰ নিৰাপত্তা সবলীকৰণ আৰু নতুন আন্তঃগাঁথনি নিৰ্মাণ বিষয়েও ঠাই পাইছে।

আলোচনাকালত দুয়ো দেশৰ যুটীয়া সামৰিক অনুশীলনৰো মূল্যায়ন কৰা হৈছিল।

২৫ জুলাইৰ পৰা আৰম্ভ হোৱা তাতমাদাও সেনা মুৰব্বী লাইঙৰ ভাৰত ভ্ৰমণ অহা ২ আগষ্টত অন্ত পৰিব।