NORTHEAST NOW (Assamese)
Popular Stories

পুৰণি মাংসৰ পেকেটত পোক-পৰুৱাৰ বিচৰণ! এনেদৰেই চলিছে ৰেষ্টুৰেণ্ট, কিন্তু ক’ত?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 20, 2024 7:45 pm

মজিয়াত অৱশিষ্ট খাদ্য। ইফালে মকৰা আৰু মাখি উৰি ফুৰিছে। ছিকুন্দৰাবাদৰ কেইবাখনো ৰেষ্টুৰেণ্টত অভিযান চলাই এই দৃশ্য সন্দৰ্ভত সবিশেষ জনাইছে তেলেংগনাৰ খাদ্য বিভাগৰ বিষয়াসকলে।

বুধবাৰে ছিকুন্দৰাবাদ অঞ্চলৰ কেইবাখনো ৰেষ্টুৰেণ্টত অভিযান চলায়। গোল্ডেন ড্ৰেগন ৰেষ্টুৰেণ্টত অভিযান চলায়। খাদ্য ব্যৱসায় অপাৰেটৰে জমা দিয়া নাই পানীৰ গুণাগুণৰ প্ৰতিবেদনৰ ভিত্তিতে ৰেষ্টুৰেণ্টখনত অভিযান চলাইছিল। প্ৰথমতে, কৃত্ৰিম খাদ্যৰ ৰং পোৱা যায়। তাৰ পিছত আঠ কিলো কেঁচা কুকুৰাৰ মাংস বিচাৰি পায় যিটোৰ ম্যাদ উকলি গৈছে। লগতে উপলব্ধ ২ কেজি হাড়বিহীন কুকুৰা যিটোও মেয়াদ উকলি গৈছে। ইয়াতেই শেষ নহয়। এই ৰেষ্টুৰেণ্টত উপলব্ধ ৩২ কেজি চাউমিনৰ কোনো লেবেল বা টেগ নাছিল অৰ্থাৎ এই চাউমিন খাদ্য সুৰক্ষাৰ মাপকাঠী অনুসৰি প্ৰস্তুত কৰা হৈছিল নে নাই সেয়া জনা নাযায়।

ইয়াৰ উপৰিও ৰেষ্টুৰেণ্টখনৰ ফ্ৰীজ খুলিলেই বিষয়াসকলৰ চকু ওপৰলৈ উঠিল। অসম্ভৱভাৱে লেতেৰা, পোক-পৰুৱাৰে ভাৰাক্ৰান্ত ফ্ৰীজ। Veg, non-veg ৰ কোনো গুৰুত্ব নাই। সকলোবোৰ একেলগে আছে। ৰেষ্টুৰেণ্টৰ মজিয়াখন খাদ্যৰ টুকুৰাৰে আৱৰ্জনা হৈ পৰিছিল। নলাত আৰু ৰেষ্টুৰেণ্টৰ আশে-পাশে বাকী থকা খাদ্য। কোনো এজন ৰান্ধনীৰ মূৰত টুপী বা হাতত গ্লভছ নাছিল। ৰন্ধা-বঢ়া কৰা ঠাইখনত পোক-পৰুৱাবোৰে ঘূৰি ফুৰিছিল।

বিষয়াসকলে জনাইছে যে তেওঁলোকে সমগ্ৰ বিষয়টো দেখিছে আৰু বিষয়টোৰ তদন্ত চলি আছে।